আস্থা ভোটত জয়ী বিএছ য়েদেয়ুৰাপ্পাঃ কৰ্ণাটকত এইবাৰ বিজেপিৰ চৰকাৰ

ডিজিটেল ডেস্কঃ কৰ্ণাটকত কংগ্ৰেছ-জেডিএছৰ মিত্ৰজোঁটৰ চৰকাৰ ভংগৰ পিছতে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱা বিজেপিৰ বি এছ য়েদেয়ুৰাপ্পাই সোমবাৰে বিধানসভাত আস্থা ভোটত অৱতীৰ্ণ হৈ জয়লাভ কৰিবলৈ সক্ষম হৈছে। বিধানসভাত সোমবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ধ্বনিভোটৰ জৰিয়তে বহুমত লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতে ৰাজ্যখনৰ পৰৱৰ্তী চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় বিজেপিয়ে।

উল্লেখ্য যে, কংগ্ৰেছ আৰু জেডিএছৰ কেইবাজনো বিধায়কে পদত্যাগ কৰাৰ পিছতে সংকটত পৰিছিল মুখ্যমন্ত্ৰী কুমাৰস্বামী নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখন। ইফালে বিধানসভাত কেইবাদিনৰো বিলম্বৰ অন্তত কুমাৰস্বামীয়ে আস্থা ভোটত অৱতীৰ্ণ হয় যদিও চৰকাৰ ৰক্ষা কৰিব পৰাকৈ বহুমত লাভ কৰাত ব্যৰ্থ হয়।

বিজেপি নেতা বি এছ য়েদেয়ুৰাপ্পাই চতুৰ্থবাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে শপত লোৱাৰ পিছতে বিধানসভাৰ অধ্যক্ষ কে আৰ ৰমেশ কুমাৰে তেওঁক চৰকাৰ গঠন কৰিবলৈ বহুমত প্ৰমাণ কৰিবলৈ নিৰ্দেশ দিয়ে। সেই নিৰ্দেশ অনুসৰিয়েই সোমবাৰে বিধানসভাত আস্থা ভোটত অৱতীৰ্ণ হয় য়েদেয়ুৰাপ্পা।

অন্যহাতে দেওবাৰে বিধানসভাৰ অধ্যক্ষই কংগ্ৰেছ-জেডিএছৰ ১৪ গৰাকী পদত্যাগী বিধায়কক অযোগ্য ঘোষণা কৰাৰ পিছতে ৰাজ্যখনৰ অযোগ্য বিবেচিত হোৱা বিধায়কৰ সংখ্যা ১৭ জন হয়গৈ। যাৰ ফলস্বৰূপে সোমবাৰে বিজেপিয়ে বহুমত লাভ কৰিবলৈ প্ৰয়োজন হয় ১০৫ গৰাকী বিধায়কৰ। বিজেপিয়ে আস্থা ভোটত অৱতীৰ্ণ হৈ ধ্বনি ভোটৰ জৰিয়তে প্ৰয়োজনীয় বহুমত লাভ কৰে।

ইফালে কৰ্ণাটক কংগ্ৰেছে য়েদেয়ুৰাপ্পাৰ আস্থা ভোটত জয়লাভৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে টুইটযোগে। টুইটত কৰ্ণাটক কংগ্ৰেছে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী য়েদেয়ুৰাপ্পাক অভিনন্দন জনাইছে প্ৰথমতে। তাৰ পিছতে লিখিছে- ‘বিজেপিয়ে বিধানসভাত আস্থা ভোটত জয় লাভ কৰিলেও কৰ্ণাটকবাসীৰ আস্থা কেতিয়াও লাভ কৰিব নোৱাৰে।’ বিজেপিয়ে ঘোঁৰা কিনাৰ ৰাজনীতিৰে কৰ্ণাটকত চৰকাৰ গঠন কৰা বুলিও দাবী কৰে কংগ্ৰেছে।

The post আস্থা ভোটত জয়ী বিএছ য়েদেয়ুৰাপ্পাঃ কৰ্ণাটকত এইবাৰ বিজেপিৰ চৰকাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2GurGJx
via IFTTT

Comments