নেত্ৰৱতীৰ দলঙত তহল দিবলৈ গৈ ঘূৰি নাহিল সিদ্ধাৰ্থ! দুদিনৰ পিছত উদ্ধাৰ হ’ল মৃতদেহ

ডিজিটেল ডেস্কঃ সোমবাৰৰ পৰা সন্ধানহীন হৈ থকা কেফে কফি ডে’ৰ প্ৰতিষ্ঠাপক ব্যৱসায়ী তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এছ এম কৃষ্ণাৰ জোঁৱাই ভিজি সিদ্ধাৰ্থৰ নশ্বৰ দেহ বুধবাৰে নেত্ৰৱতী নৈৰ পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয়। উল্লেখ্য যে সোমবাৰে মাংগালুৰৰ নেত্ৰৱতী নৈৰ দলঙৰ পৰা সন্ধানহীন হৈছিল ভিজি সিদ্ধাৰ্থ।

ভাৰতত কফি ৰেস্তোৰা ব্যৱসায়ৰ অন্যতম নাম ভিজি সিদ্ধাৰ্থৰ সন্ধানহীনৰ পিছতে আৰক্ষীয়ে এখন পত্ৰ উদ্ধাৰ কৰে। য’ত সিদ্ধাৰ্থে ব্যৱসায়ত মুনাফা অৰ্জনত বিফল হৈ হতাশাত ভোগাৰ লগতে কৰ বিষয়াই তেওঁক প্ৰতাৰণা কৰা বুলি উল্লেখ কৰিছিল। ইফালে সিদ্ধাৰ্থৰ গাড়ীৰ চালকে আৰক্ষীক জানিবলৈ দিয়া মতে, সিদ্ধাৰ্থে মাংগালুৰুৰ নেত্ৰৱতী নৈৰ দলঙত তহল দিবলৈ যাম বুলি কৈ চালকজনক অপেক্ষা কৰিবলৈ কৈছিল। কিন্তু দলঙৰ ওপৰত তহল দিবলৈ যোৱা ব্যৱসায়জন ২ ঘন্টাৰো অধিক সময় উভতি নহাত অৱশেষত চালকজনে আৰক্ষীক ফোন কৰি তেওঁ সন্ধানহীন হোৱাৰ বিষয়ে অৱগত কৰে।

ইফালে ভিজি সিদ্ধাৰ্থৰ সন্ধানহীন হোৱাৰ খবৰ বিয়পি পৰাৰ পিছতে লোকে লোকাৰণ্য হৈ পৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সিদ্ধাৰ্থৰ শহুৰ এছ এম কৃষ্ণাৰ বাসগৃহ। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েদেয়ুৰাপ্পাৰ লগতে কংগ্ৰেছ নেতা সিদ্ধাৰামায়া, প্ৰাক্তন মুখ্যমন্ত্ৰী কুমাৰস্বামী আদি সকলো নেতা-ৰাজনীতিকেই এছ এম কৃষ্ণাৰ বাসগৃহত উপস্থিত হয়। আৰক্ষী-প্ৰশাসনেও সিদ্ধাৰ্থৰ সন্ধান বিচাৰি নেত্ৰৱতী নৈৰ লগতে সাম্ভাৱ্য সকলো স্থানতে অভিযান চলায়।

আনহাতে বুধবাৰে পুৱা নেত্ৰৱতী নৈত মাছ মাৰিবলৈ যোৱাৰ সময়ত পানীত উপঙি থকা অৱস্থাত সিদ্ধাৰ্থৰ নিথৰ দেহ প্ৰত্যক্ষ কৰে ৰিথেশ নামৰ এজন মাছমৰীয়াই। লগে লগে তেওঁ স্থানীয় আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ব্যৱসায়ীজনৰ মৃতদেহ উদ্ধাৰ কৰে। বৰ্তমান সিদ্ধাৰ্থৰ মৃতদেহ মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ অন্তত হতাশাত ভূগি তেওঁ আত্মহত্যা কৰাৰ সন্দেহ কৰিছে।

চিচিডিৰ প্ৰতিষ্ঠাপক ব্যৱসায়জনৰ মৃতদেহ উদ্ধাৰৰ পিছতে সৃষ্টি হৈছে শোকাকুল পৰিৱেশৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী এছ এম কৃষ্ণাৰ বাসগৃহত উপস্থিত হৈ বিভিন্নজনে শোক ব্যক্ত কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

The post নেত্ৰৱতীৰ দলঙত তহল দিবলৈ গৈ ঘূৰি নাহিল সিদ্ধাৰ্থ! দুদিনৰ পিছত উদ্ধাৰ হ’ল মৃতদেহ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2SXCvbZ
via IFTTT

Comments