সোমবাৰে বিধানসভাত আস্থা ভোটত অৱতীৰ্ণ হ’ব মুখ্যমন্ত্ৰী বি এছ য়েদেয়ুৰাপ্পা, প্ৰয়োজন ১০৫ গৰাকী বিধায়কৰ সমৰ্থন

  • সোমবাৰে কৰ্ণাটক বিধানসভাত আস্থা ভোটত অৱতীৰ্ণ হ’ব মুখ্যমন্ত্ৰী বি এছ য়েদেয়ুৰাপ্পা।
  • বিজেপি চৰকাৰ গঠনৰ বাবে বিধাসনভাত তেওঁ প্ৰমাণ কৰিব লাগিব বহুমত।
  • বহুমত লাভ কৰিবলৈ বিজেপিক প্ৰয়োজন ১০৫ গৰাকী বিধায়কৰ সমৰ্থন।
  • মুখ্যমন্ত্ৰী য়েদেয়ুৰাপ্পাই বিজেপিৰ সপক্ষত ১০৬ গৰাকী বিধায়কৰ সমৰ্থন আছে বুলি দাবী কৰিছে।
  • উল্লেখ্য যে, কংগ্ৰেছ-জেডিএছ মিত্ৰজোঁটৰ চৰকাৰ ভংগ হোৱাৰ পিছত কৰ্ণাটকত চৰকাৰ গঠন কৰে বিজেপিয়ে।
  • বিধানসভাত বহুমত প্ৰমাণ কৰাত ব্যৰ্থ হৈছিল কংগ্ৰেছ-জেডিএছ চৰকাৰৰ মুখ্যমন্ত্ৰী কুমাৰস্বামী।
  • আনহাতে বিজেপি চৰকাৰলৈ কেইবাজনো জেডিএছ বিধায়কে সমৰ্থন আগবঢ়োৱা বুলিও চলিছে চৰ্চা।
  • অৱশ্যে এই চৰ্চা ভিত্তিহীন আখ্যা দিছে এইছ ডি কুমাৰস্বামীয়ে।
  • ইফালে দেওবাৰে ৰাজ্যখনৰ জেডিএছৰ ১৪ গৰাকী পদত্যাগী বিধায়কক অযোগ্য ঘোষণা কৰিছে বিধানসভাৰ অধ্যক্ষই।
  • যাৰ পিছতে ৰাজ্যখনত অযোগ্য বিবেচিত হোৱা বিধায়কৰ সংখ্যা হৈছেগৈ ১৭ জন।

The post সোমবাৰে বিধানসভাত আস্থা ভোটত অৱতীৰ্ণ হ’ব মুখ্যমন্ত্ৰী বি এছ য়েদেয়ুৰাপ্পা, প্ৰয়োজন ১০৫ গৰাকী বিধায়কৰ সমৰ্থন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2YruH3a
via IFTTT

Comments