পুৰণিগুদামত বাইকসহ আটক চোৰ, উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি

ডিজিটেল সংবাদ, চামগুৰিঃ এখন চুৰি বাইক উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি নগাঁৱৰ পুৰণিগুদাম মাজগাঁৱত শনিবাৰে নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। দুদিন পূৰ্বে নগাঁৱৰ পুৰণিগুদামৰ মাজগাঁৱৰ চোনা আহমেদ নামৰ লোকজনৰ ঘৰৰ সন্মুখত উদ্ধাৰ হৈছিল এখন বাইক। প্ৰথম অৱস্থাত পুৰণিগুদাম মাজগাঁৱৰ চোনা আহমেদৰ পৰিয়ালে বাইক খন চিনাকি লোকৰ বুলি দাবী কৰিছিল যদিও ঘটনাটো চ’ছিয়েল মিডিয়াত প্ৰচাৰ হোৱাত শনিবাৰে পুৰণিগুদাম ওলালেহি বাইক খনৰ প্ৰকৃত গৰাকী।

গুৱাহাটীৰ গৌতম চৰকাৰ নামৰ লোকজনৰ ঘৰৰ পৰা যোৱা ২৪ জুলাই তাৰিখে চুৰি হৈছিল বাইকখন। ইফালে এক বৃহৎ বাইক চুৰি চক্ৰই পুৰণিগুদামত খোপনি পোতাৰ সন্দেহ প্ৰকাশ কৰি ৰাইজে ঘটনাটোৰ উচিত তদন্ত কৰিবলৈ আৰক্ষীক আহ্বান জনাইছিল যদিও শনিবাৰ পৰ্য্যন্ত এজনো চোৰক কৰায়ত্ব কৰিব নোৱাৰাক কেন্দ্ৰ কৰি চৰম অসন্তুষ্টি প্ৰকাশ কৰে স্থানীয় ৰাইজে।

শেহতীয়াকৈ চামগুৰি আৰক্ষীয়ে শনিবাৰে নিশা বাইক চুৰি ঘটনাটোৰ সৈতে জড়িত থকাৰ সন্দেহত দুজন যুৱকক সোধপোছৰ বাবে আটক কৰিবলৈ যাওXতে এজনে পলায়ন কৰাৰ লগতে যুৱক দুজনৰ পৰিয়ালৰ লোকে সৃষ্টি কৰে হুলস্থূলীয়া পৰিৱেশৰ। অৱশ্যে সন্দেহজনক আন এজনকো ৰাইজে দেওবাৰে পুৱা কৰায়ত্ব কৰি গতাই দিয়ে চামগুৰি আৰক্ষীক। স্থানীয় চোনা আহমেদৰ পৰিয়ালটোৱে দীৰ্ঘদিন ধৰি অঞ্চলটোত বিভিন্ন অসাধু কামৰ সৈতে জড়িত থাকি বহু কেইটা ঘটনা সংঘটিত কৰি সকলোকে অতিস্থ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

The post পুৰণিগুদামত বাইকসহ আটক চোৰ, উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2YsVbW5
via IFTTT

Comments