বটদ্ৰৱাৰ ন-সত্ৰত নিশা শোকাৱহ পথ দুর্ঘটনাত এজন নিহত, এজন আহত…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ ৰাইদঙীয়া ন-সত্ৰত যোৱা নিশা এক শোকাৱহ পথ দুর্ঘটনা সংঘটিত হয়। পালচাৰ মটৰচাইকেল নিয়ন্ত্রণ হেৰুৱাই দ-খাৱৈত বাগৰি পৰাত থিতাতে এজন লোক নিহত হোৱাৰ লগতে এজন আহত হয়। নিহত লোক জননগাঁৱৰ ইছলামপটিৰ নুৰুল ইছলাম আৰু আহত জনৰ নামৰ মুকুল হাজৰিকা বুলি জানিব পৰা গৈছে। ঘটনাৰ বিৱৰণী মতে নিশা প্ৰায় ১১.৩০ বজাত এ এছ ০২ জে ৮৯২৯ নম্বৰৰ পালচাৰ মটৰ চাইকেলেৰে বটদ্ৰৱাৰ গা-খজুৱাৰ পৰা নগাওঁলৈ গৈ থকা অৱস্থাত এই ঘটনা সংঘটিত হয়।
পাছত নিশাই জাজৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্রাপ্ত মুকুল হাজৰিকাক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰন কৰাৰ লগতে দ-খাৱৈৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে দ্ৰুতগতিত মটৰচাইকেল চলোৱাৰ ফলতেই এই ঘটনা সংঘটিত হৈছে।
The post বটদ্ৰৱাৰ ন-সত্ৰত নিশা শোকাৱহ পথ দুর্ঘটনাত এজন নিহত, এজন আহত… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2yhY11v
via IFTTT
Comments
Post a Comment