স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজ্যত ভয়ংকৰ কূটাঘাতৰ আশংকা! বৰপেটাত ৩ জেহাদী গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ, বৰপেটাঃ ক্ৰমান্বয়ে জেহাদীৰ ঘাটিত পৰিণত হৈছে বৰপেটা জিলা ৷ ইজনৰ পিচত সিজনকৈ গ্ৰেপ্তাৰ হৈছে জেহাদী ৷ ইছলামিক সন্ত্ৰাসবাদী সংগঠন জামাতুল মুজাহিদিনৰ কেবাজনো সদস্য গ্ৰেপ্তাৰ হোৱাৰ পিচতে শেহতীয়াভাৱে তিনিজনকৈ জেহাদীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷
উল্লেখ্য যে, পশ্চিম বংগৰ বৰ্ধমান জিলাত সংঘটিত বিস্ফোৰণৰ আঁত ধৰিয়েই নিয়াই তদন্ত কৰি বৰপেটা জিলাৰ কেবাজনো জেহাদী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷ নিয়াৰ তদন্ততে বৰপেটা জিলা জে এম বিৰ ঘাটি বুলি চিনাক্ত হৈছে ৷ চোৰাংচোৱাৰ তদন্তৰ ভিত্তিত কালি পুৱতি নিশা ভৱানীপুৰ আৰক্ষীয়ে অভিযান চলাই কাৰাগাড়ী গাঁৱৰ বাসিন্দা ৰহিজুদ্দিনৰ পুত্ৰ তথা জে এম বিৰ সদস্য হাফিজুৰ ৰহমানক গ্ৰেপ্তাৰ কৰে ৷
আৰক্ষীয়ে হাফিজুৰৰ শোৱনি কোঠাত তালাচী চলাই ৪ জাঁই সক্ৰিয় গুলী আৰু এটা হস্তনিৰ্মিত পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইপিনে হাফিজুৰৰ স্বীকাৰোক্তিৰ ভিত্তিত কালি বিয়লি বৰপেটা আৰক্ষীয়ে সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছিৰ পাম গাঁৱৰ পৰা ইয়াকুব আলী নামৰ আন এজন জেহাদীক গ্ৰেপ্তাৰ কৰে ৷ ইয়াকুব আলীৰ ঘৰ ইয়াৰ পুৰ্বে কাৰাগাড়ীতে আছিল ৷ একেদৰে মঙলবাৰে ৰাতি কয়াকুছিৰ পৰা আন এজন জেহাদী ছৰিফুল ইছলামক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷
উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ মাদ্ৰাছাত অধ্যয়ন কৰা হাফিজুৰে পিছত কেৰালাৰ কাম কৰিবলৈ বুলি ওলাই গৈছিল ৷ পৰৱৰ্ত্তী সময়ত হাফিজুৰে ঘৰলৈ আহি বিস্কুটৰ ফেৰীৱালা হিচাপে কাম কৰিছিল ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, হাফিজুৰ জে এম বিৰ বোমা বিশেষজ্ঞ ৷ বৰপেটা জিলাত একেলগে তিনিজনকৈ দুধৰ্ষ জেহাদী গ্ৰেপ্তাৰ হোৱা ঘটনাই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলাখনত ৷
The post স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজ্যত ভয়ংকৰ কূটাঘাতৰ আশংকা! বৰপেটাত ৩ জেহাদী গ্ৰেপ্তাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ZkZq3b
via IFTTT
Comments
Post a Comment