প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, ৪ বাৰৰ বিধায়ক, ৫ বাৰ লোকসভাৰ আৰু ২বাৰ ৰাজ্যসভাৰ সাংসদ জয়পাল ৰেড্ডীৰ দেহাৱসান

- প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়পাল ৰেড্ডীৰ দেহাৱসান।
- দেওবাৰে পুৱা মৃত্যু হয় নেতাগৰাকীৰ।
- মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ।
- কিছুদিনৰ পৰা ৰেড্ডী হায়দৰাবাদৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছিল।
- শনিবাৰে তেখেতৰ শাৰীৰিক অৱস্থা বেছিকৈ বেয়া হয় আৰু নিশা ১.২৯ বজাত শেষ নিশ্বাস ত্যাগ কৰে।
- মৃত্যুৰ সময়ত ২ পুত্ৰ সন্তানৰ সৈতে এগৰাকী কন্যা আৰু পত্নীক তেওঁ ইহ সংসাৰত এৰি যায়।
- ১৯৭০ চনত প্ৰথম বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল তেওঁ।
- উল্লেখ্য যে, ৪ বাৰ বিধায়ক, ৫ বাৰ লোকসভাৰ সাংসদ, ২বাৰ ৰাজ্যসভাৰ সাংসদ হিচাপে তেওঁ নিৰ্বাচিত হৈছিল।
- ইফালে কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্বও পালন কৰিছিল নেতাগৰাকীয়ে।
The post প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, ৪ বাৰৰ বিধায়ক, ৫ বাৰ লোকসভাৰ আৰু ২বাৰ ৰাজ্যসভাৰ সাংসদ জয়পাল ৰেড্ডীৰ দেহাৱসান appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Ypyy0R
via IFTTT
Comments
Post a Comment