সুখবৰ, ইণ্ডোনেছিয়াত অসম কন্যা যমুনা বড়োৰ স্বৰ্ণ পদক…

  • ইণ্ডোনেছিয়াত চলি থকা প্ৰেছিডেণ্টছ কাপৰ পৰা অসমৰ বাবে আহিছে এটা ভাল খবৰ।
  • ২৩ সংখ্যক প্ৰেছিডেণ্টছ কাপত অসম কন্যা যমুনা বড়োৰ স্বৰ্ণ পদক অৰ্জন।
  • মণিপুৰৰ মেৰীকমৰ পিছতে স্বৰ্ণ পদক অৰ্জন কৰিছে অসম কন্যা যমুনা বড়োয়ে।
  • দেওবাৰে অনুষ্ঠিত প্ৰতিযোগিতাখনৰ ফাইনেলত ইটালীৰ জিউলিয়া লামাগনাক পৰাস্ত কৰি সোণৰ পদক দখল কৰে।
  • ৫৪ কিলোগ্ৰাম ওজনৰ শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা যমুনাই মেচখনত বিপক্ষৰ বক্সাৰ গৰাকীক পইণ্ট সংগ্ৰহৰ বাবে কোনো ধৰণৰ সুযোগেই প্ৰদান নকৰিলে।
  • তেওঁ মেচখন ৫-০ৰ ব্যৱধানত জয়ী হ’বলৈ সক্ষম হয়।
  • যমুনা বড়োৰ এই সফলতাত অসমৰ ক্ৰীড়া প্ৰেমীসকলৰ লগতে তেওঁৰ জন্মস্থান ঢেকিয়াজুলিত বিৰাজ কৰিছে আনন্দমুখৰ পৰিৱেশে ।

The post সুখবৰ, ইণ্ডোনেছিয়াত অসম কন্যা যমুনা বড়োৰ স্বৰ্ণ পদক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2GvVyF9
via IFTTT

Comments