২ দিন ধৰি সন্ধানহীন হৈ থকা ‘Cafe Coffee Day’ৰ মালিক ভি জি সিদ্ধাৰ্থৰ মৃতদেহ উদ্ধাৰ…

- সন্ধানহীন হৈ থকা কেফে কফি ডে’ৰ মালিক ভি জি সিদ্ধাৰ্থৰ মৃতদেহ উদ্ধাৰ।
- সোমবাৰৰ পৰা সন্ধানহীন হৈ আছিল ব্যৱসায়ী তথা কেফে কফি ডে’ৰ মালিক ভি জি সিদ্ধাৰ্থ।
- কৰ্ণাটকৰ নেত্ৰাৱতী নদীত উদ্ধাৰ হয় মৃতদেহ।
- সোমবাৰে কৰ্মচাৰীলৈ পত্ৰ লিখাৰ পিছতে নিখোজ হৈছিল সিদ্ধাৰ্থ।
- তেওঁৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল আৰক্ষী আৰু ক’ষ্টগাৰ্ডৰ দলে।
- প্ৰাক্তন আয়কৰ বিষয়াই হাৰাশাস্তিৰ অভিযোগ তুলিছে পত্ৰত।
- কেফে কফি ডে’ৰ শ্বেয়াৰক লৈও সমস্যাত পৰিছিল ভি জি সিদ্ধাৰ্থ।
- ব্যৱসায়ত বেয়া সময়ৰ সৈতে মোকাবিলাৰ কথা উল্লেখ কৰিছিল পত্ৰত।
- ১৯৯৬ চনত বেংগালুৰুৰ ব্ৰিগেড ৰোডত কেফে কফি ডে’ৰ আৰম্ভণি কৰিছিল সিদ্ধাৰ্থই।
- প্ৰথম ৫ বছৰত কিছুসংখ্যক কেফে খোলাৰ পিছত বৰ্তমান Cafe Coffee Day দেশৰ ভিতৰতে জনপ্ৰিয় আৰু সৰ্ববৃহৎ কফিৰ খুচুৰা ব্যৱসায় হিচাপে পৰিগণিত হৈছে।
- বৰ্তমান দেশৰ ২৪৭খন চহৰত Cafe Coffee Dayৰ ১৭৫৮খন কেফে আছে।
- মাত্ৰ ৪০০০ হাজাৰ টকাৰ মুলধনেৰে ভি জি সিদ্ধাৰ্থই আৰম্ভ কৰিছিল ব্যৱসায়।
The post ২ দিন ধৰি সন্ধানহীন হৈ থকা ‘Cafe Coffee Day’ৰ মালিক ভি জি সিদ্ধাৰ্থৰ মৃতদেহ উদ্ধাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2SVWW99
via IFTTT
Comments
Post a Comment