৬.৩ প্ৰাৱল্যৰ ভূমিকম্পৰ জোকাৰণি…

ডিজিটেল ডেস্কঃ দেওবাৰে এক ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল জাপানৰ হঞ্চো। উল্লেখ্য যে, এই ভূমিকম্পৰ প্ৰাৱল্য ৰিখটাৰ স্কেলত ৬.৩। জাপানৰ আটাইতকৈ বিখ্যাত দ্বীপটোত অহা এই ভূমিকম্পৰ বাবে কোনো চুনামিৰ সম্ভাৱনা নাই বুলি জনাইছে ভূতত্ববিদসকলে।
কিছুদিন পূৰ্বে অহা এক ভূমিকম্পৰ পিছতে দেশখনত চুনামিৰ আশংকা কৰা হৈছিল। য়ামাগাতাত ভূমিকম্পৰ বাবে অধিক ক্ষতি হোৱা বুলি জানিব পৰৈ গৈছে। ভূমিকম্পৰ বাবে কেইবাটাও ঘৰৰ চাদ খহি পৰা বুলি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে।
ইফালে এই ভূমিকম্পৰ বাবে প্ৰায় এহেজাৰ লোকে নিজ ঘৰ এৰি যাব লগা হয়। প্ৰায় ১৫ জন লোক আহত হোৱা বুলিও জানিব পৰা গৈছে। ভূমিকম্পৰ পিছতে বহু অঞ্চলত সংঘটিত হয় ভূমিস্খলন।
The post ৬.৩ প্ৰাৱল্যৰ ভূমিকম্পৰ জোকাৰণি… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2LHKA3G
via IFTTT
Comments
Post a Comment