মিঞা পয়েট্ৰী প্ৰসংগঃ কবিৰ প্ৰকাশভংগীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা কাৰ্যক তীব্ৰ গৰিহণা ১২৯ গৰাকী বিশিষ্ট ব্যক্তিৰ

ডিজিটেল ডেস্কঃ ‘মিঞা কবিতা’ক লৈ চলা চৰ্চাৰ মাজতে ১০ গৰাকী ‘মিঞা’ কবিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা কাৰ্যক তীব্ৰ গৰিহণা দিছে ৰাজ্যৰ ১২৯ গৰাকী বিশিষ্ট ব্যক্তিয়ে। শুকুৰবাৰে ৰাজ্যৰ বিশিষ্ট ব্যক্তিসকলে স্বাক্ষৰ কৰা এক ৰাজহুৱা বিবৃতিযোগে শান্তি সম্প্ৰীতি অটুত ৰাখি অসমীয়া জাতিৰ মাজত বিভাজন সৃষ্টি কৰিব খোজা শক্তিক প্ৰতিহত কৰিবলৈ অসমীয়া জনগণক আহ্বান জনায়।

বিবৃতিটোত স্বাক্ষৰকাৰী বিশিষ্ট ব্যক্তিসকলে সদৰী কৰা মতে, অসমীয়া সমাজক অপযশ দিয়াৰ অভিযোগত যি ১০ গৰাকী ‘মিঞা’ কবিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে, তেওঁলোকৰ সমৰ্থনত এতিয়া বিশ্বৰ কেইবাগৰাকীও শিক্ষাবিদ আৰু ৰাজহুৱা কৰ্মীয়ে থিয় দিছে। যোৱা ২১ জুলাইত এটা ৰাজহুৱা বিবৃতিযোগে শিক্ষাবিদ আৰু ৰাজহুৱা কৰ্মীসকলে এই সমৰ্থন আগবঢ়োৱা বুলিও সদৰী কৰে ৰাজ্যৰ ১২৯ গৰাকী বিশিষ্ট নাগৰিকে।

আনহাতে, কবিৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ এনেদৰে এজাহাৰ দাখিল কৰাৰ কৌশল অৱলম্বনৰ কাৰ্যক তীব্ৰ গৰিহণা দিছে অসমৰ একাংশ সচেতন নাগৰিকেও। শুকুৰবাৰে ৰাজহুৱা বিবৃতিটোত স্বাক্ষৰকাৰী বিশিষ্ট নাগৰিকসকলেও এনে কাৰ্যক গৰিহণা দি কয়- ‘আৱেগ, প্ৰমূল্য, নীতি, আনকি ৰাজনৈতিক মতাদৰ্শৰো যিকোনো প্ৰকাশভংগীৰ বিৰুদ্ধে এনেদৰে এজাহাৰ দাখিল কৰা কাৰ্যক আমি তীব্ৰ গৰিহণা দিওঁ।’

উল্লেখ্য যে, কবিৰ প্ৰকাংশভংগীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা কাৰ্যৰ বিৰোধিতা কৰি ৰাজহুৱা বিবৃতিত স্বাক্ষৰ কৰা ১২৯ গৰাকী বিশিষ্ট ব্যক্তিৰ ভিতৰত আছে সমাজ, ৰাজনীতি, চিকিৎসা, সাহিত্য আদিৰে জড়িত ব্যক্তিসকল। বিবৃতিটোত স্বাক্ষৰ কৰিছে বৰপেটা জিলা এনজিঅ’ ফৰামৰ সম্পাদক আব্দুল জালিল, লিখক তথা সমাজসেৱী আবেদুৰ ৰহমান, কবি অমিতাভ ফুকন, ৰাজনীতিবিদ বিবেক দাসকে ধৰি মুঠ ১২৯ গৰাকী ব্যক্তিয়ে।

The post মিঞা পয়েট্ৰী প্ৰসংগঃ কবিৰ প্ৰকাশভংগীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা কাৰ্যক তীব্ৰ গৰিহণা ১২৯ গৰাকী বিশিষ্ট ব্যক্তিৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/30U7Uie
via IFTTT

Comments