নেপালত জিলা বৰ্ডৰ কাৰ্যালয়ত বিস্ফোৰণ…

ডিজিটেল ডেস্কঃ নেপালত বুধবাৰে মাজনিশাৰে সংঘটিত হৈছে ইটোৰ পাছত সিটো বিক্ষিপ্ত ঘটনা। পুৱাই নেপালৰ নুৱাকট জিলাস্থিত জিলা বৰ্ড কাৰ্যালয়ত সংঘটিত হয় এক বোমা বিস্ফোৰণৰ ঘটনা। বিস্ফোৰণত কোনো লোক হতাহত হোৱা নাই যদিও নষ্ট হৈছে বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ। ইয়াৰ পাছতে হেতুড্ডা চহৰৰ ৪ স্থানত সন্দেহজনক সামগ্ৰী প্ৰত্যক্ষ কৰে নিৰাপত্তাৰক্ষীয়ে। ইতিমধ্যে নিৰাপত্তাৰক্ষীয়ে সেই স্থানৰ পৰা এক বিশেষ বাহনেৰে নিৰাপদ স্থাননৈ স্থানান্তৰ কৰিছে সামগ্ৰীখিনি।

The post নেপালত জিলা বৰ্ডৰ কাৰ্যালয়ত বিস্ফোৰণ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Yh8Z6T
via IFTTT

Comments