বেংগালুৰুৰ বন্যপ্ৰাণী উদ্যানত থাকিব ছমহীয়া হিমা দাস!…

ডিজিটেল ডেস্কঃ আজি বিশ্ব বাঘ্ৰ দিৱস। প্ৰতি বছৰে ২৯ জুলাই দিনটো সমগ্ৰ বিশ্বত বিশ্ব বাঘ্ৰ দিৱস হিচাপে পালন কৰা হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি সোমবাৰে পুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সংবাদমাধ্যমৰ সন্মুখত কয় যে, আমি যি সংকল্প লৈছিলো সেয়া সফল হৈছে। ২০১৮ বৰ্ষৰ তুলনাত দেশত বাঘৰ সংখ্যা দুগুণ বৃদ্ধি পাইছে। বৰ্তমান সমগ্ৰ দেশত থকা বাঘৰ সংখ্যা হৈছে ২৯৬৭ টা।

ইফালে বিশ্ব বাঘ্ৰ দিৱসৰ সৈতে সংগতি ৰাখি বেংগালুৰুৰ বানেৰঘাটা বন্যপ্ৰাণী উদ্যানত ছয়মহীয়া বাঘিনীৰ নাম ৰখা হৈছে হিমা দাস। অসম কন্যা হিমাৰ নামেৰে নামাকৰণ কৰাৰ পিছতে বাঘিনীজনী চাবলৈ উদ্যানলৈ দৰ্শনাৰ্থীৰ সোঁত বৈছে।

উল্লেখযোগ্য যে এয়াই প্ৰথমবাৰ কেন্দ্ৰটোত বাঘক তাৰকা খেলুৱৈৰ নামেৰে নামাকৰণ কৰা হোৱা নাই। ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী, ভাৰতীয় মহিলা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মিতালী ৰাজৰ নামেৰেও বেনাৰঘাটা জৈৱ উদ্যানত বাঘৰ নামাকৰণ কৰা হৈছে।

The post বেংগালুৰুৰ বন্যপ্ৰাণী উদ্যানত থাকিব ছমহীয়া হিমা দাস!… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Oppz00
via IFTTT

Comments