উজান বৰবড়ী গাঁওৰ বানাক্ৰান্তৰ মহানুভৱতা, নিজেই লাভ কৰা বান সাহায্য ভগাই দিলে অন্য গাঁওৰ বানাক্ৰান্তৰ মাজত…

ডিজিটেল সংবাদ, শালবাৰীঃ এখন গাঁৱৰ ৰাইজৰ মহানুভৱতা৷নিজেই বানত ডুবি থাকি সহায় কৰিলে আন গাঁওৰ বানত ডুবি থকা লোকক৷ বাক্সা-বৰপেটাৰ সীমান্তৱৰ্তী বজালী মহকুমাৰ উজান বৰবড়ী গাঁওৰ কথা৷ কিছুদিন পূৰ্বে পহুমাৰা নদীৰ বাঢ়নী পানীয়ে ভয়াবহ ধ্বংসলীলা চলাইছিল বাক্সা-বৰপেটাৰ ভিন্ন অঞ্চলত৷বহুতৰে ঘৰ দুৱাৰ,খেতিবাতি নষ্ট হৈ গৈছিল৷
এতিয়াও ঘৰ দুৱাৰ,পথাৰ বোকা-পলস আদিৰে পোত গৈ আছে৷অঞ্চল সমূহত চৰকাৰে কম বেছি পৰিমাণে আবণ্টন দিছে বান সাহায্য৷তাৰ মাজতে মহানুভৱতাৰ পৰিচয় দিলে উজান বৰবড়ী গাঁওৰ বানপীড়িত ৰাইজে৷
গাঁওখনৰ বানপীড়িত ৪০ টা পৰিয়ালৰ বাবে চৰকাৰৰ পৰা আৱণ্টিত ৫.৫ কুইণ্টল চাউল,৮০ কিলোগ্ৰাম দাইল আৰু ৫০ কিলোগ্ৰাম পশুখাদ্য চাপৰ নিজেই নাৰাখি কঁঠালমূৰীঘাট নতুন বজাৰ এলেকাৰ প্ৰায় ৫৫ টা বানাক্ৰান্ত পৰিয়ালৰ মাজত ভগাই দিয়ে৷উজান বৰবড়ী গাঁওৰ এই মহানুভৱতাক কঁঠালমূৰীঘাটৰ ৰাইজে শলাগ লৈছে৷
The post উজান বৰবড়ী গাঁওৰ বানাক্ৰান্তৰ মহানুভৱতা, নিজেই লাভ কৰা বান সাহায্য ভগাই দিলে অন্য গাঁওৰ বানাক্ৰান্তৰ মাজত… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Y9WGcL
via IFTTT
Comments
Post a Comment