মঙলবাৰে ৰাজ্যসভাত উত্থাপন হ’ব তিনি তালাক বিধায়ক, সদনত সকলো সাংসদক উপস্থিত থাকিবলৈ হুইপ জাৰি কংগ্ৰেছ-তৃণমূলৰ

ডিজিটেল ডেস্কঃ বিতৰ্ক আৰু বিৰোধীৰ প্ৰতিবাদৰ পিছতো লোকসভাত গৃহীত হোৱা তিনি তালাক বিধেয়কখন মঙলবাৰে ৰাজ্যসভাত উত্থাপন কৰাৰ সম্ভাৱনা আছে। অৱশ্যে ৰাজ্যসভাত এইবাৰ তিনি তালাক বিধেয়ক গৃহীত কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰ কঠিন পৰিস্থিতিৰ মাজেৰে আগবাঢ়িব লাগিব পাৰে বুলি আংশকা ব্যক্ত কৰিছে বিভিন্নজনে। ৰাজ্যসভাত চৰকাৰৰ ওচৰত বহুমত নথকাৰ বাবেই এই বিতৰ্কিত বিধেয়কখন গৃহীত কৰাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হ’ব চৰকাৰ।

ইফালে মঙলবাৰে ৰাজ্যসভাত বিজেপিয়ে বিজেডি আৰু এআইএডিএমকেৰ সমৰ্থন লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু ৰাজ্যসভাত তিনি তালাক বিধেয়ক উত্থাপন হোৱাৰ সময়ত সদনত নিজৰ নিজৰ সকলো সাংসদক উপস্থিত থাকিবলৈ হুইপ জাৰি কৰিছে তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছ।

উল্লেখ্য যে, লোকসভাত তিনি তালাক বিধেয়ক উত্থাপন হোৱাত ইয়াৰ বিৰোধিতা কৰিছিল কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে। ডিএমকেয়েও লোকসভাত বিৰোধিতা কৰিছিল তিনি তালাক বিধেয়কৰ। বিহাৰৰ এনডিএ সহযোগী দল জেডিইউৱে অৱশ্যে বিধেয়কখনক লৈ ভোট প্ৰদানৰ পৰা বিৰত থাকে। কিন্তু তাৰ পিছতো চৰকাৰে লোকসভাত বিধেয়কখন অতি সহজেই গৃহীত কৰাত সফল হয়।

The post মঙলবাৰে ৰাজ্যসভাত উত্থাপন হ’ব তিনি তালাক বিধায়ক, সদনত সকলো সাংসদক উপস্থিত থাকিবলৈ হুইপ জাৰি কংগ্ৰেছ-তৃণমূলৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2YeWrNg
via IFTTT

Comments