পুনৰ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি সাংবাদিক, গুৰুতৰভাৱে আহত হৈ ভৰ্তি চিকিৎসালয়ত

  • দেশত পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা।
  • এইবাৰ বিহাৰত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ’ল সাংবাদিক।
  • বিহাৰৰ এটা স্থানীয় সংবাদ গোষ্ঠীৰ সাংবাদিক প্ৰদীপ মণ্ডলক গুলীয়াই আহত আচিনাক্ত দুৰ্বৃত্তৰ।
  • দেওবাৰে নিশা সংঘটিত হয় এই আক্ৰমণৰ ঘটনা।
  • মধুবাণীৰ পাণ্ডাউলৰ পৰা হাটী গাঁৱলৈ গৈ থকা সময়তে সাংবাদিক জনক লক্ষ্য কৰি দুৰ্বৃত্তই কৰে গুলীচালনা।
  • দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় সাংবাদিকজন।
  • আহত সাংবাদিকজন বৰ্তমান চিকিৎসাধীন হৈ আছে ডিএমচিএইছত।
  • আনহাতে ঘটনা সংঘটিত কৰা দুৰ্বৃত্তৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
  • কি কাৰণে দুৰ্বৃত্তই সাংবাদিকজনক আক্ৰমণ কৰিছিল, সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

The post পুনৰ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি সাংবাদিক, গুৰুতৰভাৱে আহত হৈ ভৰ্তি চিকিৎসালয়ত appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2K1egXI
via IFTTT

Comments