জেডিএছ বিধায়কে বিজেপিক সমৰ্থন কৰাৰ চৰ্চা খাৰিজ কুমাৰস্বামীৰ

ডিজিটেল ডেস্কঃ কৰ্ণাটকত কংগ্ৰেছ-জেডিএছ মিত্ৰজোঁটৰ চৰকাৰ ভংগ হোৱাৰ পিছতে নতুন চৰকাৰ গঠন কৰিছে বিজেপিয়ে। ইফালে মুখ্যমন্ত্ৰী বিএছ য়েদেয়ুৰাপ্পা নেতৃত্বাধীন বিজেপি চৰকাৰখনলৈ একাংশ জেডিএছ বিধায়কে সমৰ্থন আগবঢ়োৱা সন্দৰ্ভত চৰ্চা চলি থকা সময়তে এই চৰ্চা খাৰিজ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী এইছ ডি কুমাৰস্বামীয়ে।

প্ৰাক্তন মুখ্যমন্ত্ৰী কুমাৰস্বামীয়ে এক টুইটযোগে স্পষ্ট কৰি দিয়ে যে জেডিএছ বিধায়কে বিজেপি চৰকাৰলৈ সমৰ্থন আগবঢ়োৱা সন্দৰ্ভত যি চৰ্চা চলিছে, সেয়া সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন। তেও কয়, ‘আমি কৰ্ণাটকৰ জনতাৰ হকে যুঁজ দি আছো, আৰু আগলৈও সেই যুঁজ অব্যাহত ৰাখিম।’

ইফালে ডেজিএছৰ অধ্যক্ষ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী এইছ ডি দেৱগৌড়াইও সংবাদ মাধ্যমৰ সৈতে কৰা এক বাৰ্তালাপত জেডিএছে কৰ্ণাটকত এক শক্তিশালী বিৰোধী হিচাপে ভূমিকা পালন কৰিব বুলি মন্তব্য কৰে। তেওঁ কয়, ‘জেডিএছ যিহেতু এটা আঞ্চলিক দল, সেয়ে আমি আমাৰ দায়িত্ব সঠিকভাৱে পালন কৰিবলৈ চেষ্টা কৰি যাম। মই ভাৱো, ইয়াতকৈ বেছি কোৱাৰ প্ৰয়োজন নাই।

The post জেডিএছ বিধায়কে বিজেপিক সমৰ্থন কৰাৰ চৰ্চা খাৰিজ কুমাৰস্বামীৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Op5K97
via IFTTT

Comments