নাভাৱিব আমি তেওঁক ভাল নাপাওঁ…

●মৃদুল কুমাৰ সন্দিকৈ
ভুল মানুহৰ হয়। সেয়েহে ভুলৰ শুধৰণি আছে। কিন্তু কিছুমান ভুল বাৰে বাৰে কৰি তাৰ শুধৰণি কৰিলেও সেই ভুলৰ ফল বা কুফল থাকি যায়। ইয়াৰ প্ৰভাৱ সমাজৰ ওপৰতে পৰে। এনে কিছু মানুহ আছে, যিসকলক উঠি অহা প্ৰজন্মই অনুকৰণ কৰে।
শব্দ ব্ৰহ্ম। মুখৰ পৰা ওলোৱা এটা শব্দক পুনৰ উভতাই ল’ব নোৱাৰি। সেই শব্দবোৰেৰে কাৰোবাক আঘাত দিলে, সেই দুখ ক্ষমা বিচাৰিলেও শেষ হৈ নাযায়। যদি এনে কাৰ্য বাৰে বাৰে কৰা হয়, তেন্তে সেয়া অতি মাৰাত্মকৰূপে বিবেচিত হয়।
ৰাহুল এজন ভাল গায়ক। খেয়ালী মনৰ এই গায়কজনৰ মনৰ ভিতৰত আছিল কাৰোবাৰ বাবে কিবা এটা কৰাৰ দুৰ্বাৰ হেপাহ। কিন্তু তেওঁৰ কিছু স্বভাৱৰ বাবে তেওঁ নাম, যশ সকলো হেৰুৱাবলগা হ’ল। স্বাভিমানী গায়কজনে এদিন দেশ-বিদেশত সংগীতানুষ্ঠান পৰিৱেশন কৰিছিল।
সময় আৰু তেওঁৰ স্বাভিমান তথা কু স্বভাৱে গায়কজনক এনে এখন পৃথিৱীলৈ ঠেলি দিলে, যিখন পৃথিৱীত তেওঁ স্বাভিমান লৈ পূৰ্বৰ প্ৰতিষ্ঠা ধৰি ৰাখিব নোৱাৰিলে। তেওঁৰ গানৰ বাবে এদিন মানুহ পাগল আছিল। কিন্তু পৰৱৰ্তী সময়ত তেওঁ বিতৰ্কৰ বাবে চৰ্চিত হ’ল। মানুহে কোৱা হ’ল- কালিৰ গান আজি বেছি তেওঁ ভাত-ৰুটি মোকলাব লগা হৈছে।
তেওঁৰ এজন বন্ধুৱে তেওঁক সৎ পথলৈ অনাৰ চেষ্টা কৰিছিল। কিন্তু বন্ধুকে তেওঁ খেদি পঠিয়াইছিল। তথাপিও বন্ধুৱে তেওঁৰ সংগ এৰা নাছিল। এবাৰ তেওঁক গীত বাণীবন্ধন কৰিবলৈ ষ্টুডিঅ’লৈ নিলে। কিন্তু সুৰ, লয়, তাল সকলো হেৰাই গৈছে তেওঁৰ কণ্ঠৰ পৰা।
ভীষণ হতাশাত ভূগি তেওঁ সকলো বাদ দিবলগা হ’ল। কিন্তু এইজন গায়কেই আছিল সেইজন গায়ক- যিজনে এখন বাৰত গান গোৱা এজনী ছোৱালীক বাৰৰ পৰা আনি সংগীত জগতত প্ৰতিষ্ঠা কৰাত ভূমিকা পালন কৰিছিল। খেয়ালী আৰু স্বাভিমানী এই গায়কজনে তেওঁৰ সৈতেও সুসম্পৰ্ক ৰক্ষা কৰিও মানুহৰ ককৰ্থনাৰ ভয়ত, মনৰ ভিতৰত সৃষ্টি হোৱা হতাশাৰ বোজাত সেই গায়িকা গৰাকীৰ সৈতেও দূৰত্ব বজাই ৰাখিছিল।
এজন অতি উচ্চ স্থানত প্ৰতিষ্ঠিত গায়কৰ স্খলনৰ কাহিনী এয়া। সংবাদ মাধ্যমত তেওঁৰ গীতৰ সলনি চৰ্চা হৈছিল তৰ্ক-বিতৰ্কবোৰ। এই কাহিনী বাস্তৱৰ নহয়। এখন হিন্দী ছবিৰ। আমি বাৰু এতিয়া তেনে এখন হিন্দী ছবিৰ কাহিনীয়েই দেখা পাই আছো নেকি?
প্ৰতিভাৰ তেওঁৰ অন্ত নাছিল। আছে জাতি আৰু দৰিদ্ৰ জনতাৰ প্ৰতি তেওঁৰ অন্তৰৰ সুক্ষ্ম কোণত তীব্ৰ টান। সহায় তেওঁ কাৰোবাক দেখুৱাই নকৰে। সেয়া তেওঁৰ মনৰ পৰা দিয়া তাগিদা। কোনোবাই ক’ৰবাত ফুটবলৰ প্ৰশিক্ষণ ল’বলৈ যাব- সহায় কৰিবলৈ আগবাঢ়ি আহে তেওঁ। বানপানী হৈছে- হাতত সাহায্যৰ পাত্ৰ লৈ ৰাজপথত সাহায্য বিচাৰিছে। নিজেও দিছে দান।
মানুহৰ প্ৰতি তেওঁৰ আছে অকৃত্ৰিম ভালপোৱা। কিন্তু গুৰু গোসাই নমনা স্বভাৱ আৰু যি মন যায় তাকেই কৰিব বিচৰা প্ৰৱণতাই তেওঁক বিতৰ্কৰ পৰা বিতৰ্কৰ মাজলৈ ঠেলি লৈ গৈছে। হয়তো তেওঁৰ মনৰ এনে ধাৰণাও সৃষ্টি হৈছে- তেওঁ যি কয় সেয়াই হয়।
তেওঁ কোনো গাঁৱৰ কেকুঁৰীত আড্ডা মৰা সাধাৰণ ল’ৰা নহয়। তেওঁ যি কয়, সেয়া বহুতেই গুৰুত্বসহকাৰে লয়। স্থান, কাল, পাত্ৰ অনুসৰি তেওঁ কথা কোৱা, আচৰণ কৰাটো ভাল বুলি বহুবাৰ তেওঁক সকিয়াই দিয়া হৈছে। এনে আচৰণ আৰু মন্তব্যৰ বাবে তেওঁ সমস্যাতো পৰিছে।
অতি শেহতীয়াকৈ তেওঁ কৰা এক বৰ্ণবাদী মন্তব্যই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এখন ছবিৰ প্ৰমোচনক লৈ যদি তেওঁ এইবোৰ বিতৰ্কৰ সৃষ্টি কৰিছে, তেন্তে সেয়া এতিয়া নাটক হৈ থকা নাই। এই কথাবোৰে বহু লোকক আঘাত কৰিছে। সেয়েহে তেনে মন্তব্যৰ বিৰুদ্ধে আইন, আদালতৰ কাষ চাপিছে একাংশ।
সৃষ্টিৰ পৃথিৱীত তেওঁ নতুন প্ৰজন্মৰ ভিতৰত অদ্বিতীয় আছিল। কিন্তু সেয়া অতীত। সেই পুৰণি গীতবোৰৰ বাদে এতিয়া যেন তেওঁৰ সৃষ্টিত নাই কোনো মাদকতা। গীত হয়তো তেওঁ বহু গাইছে। কিন্তু সেই গীতবোৰ পূৰ্বৰ দৰে মানুহৰ বুকুত সোমাব পৰা নাই। পুৰণি গীতবোৰৰ জনপ্ৰিয়তাই তেওঁক আজিও জনপ্ৰিয় কৰি ৰাখিছে। তাৰ বাদে আন বিতৰ্কিত কথাবোৰে তেওঁক সংবাদ মাধ্যমৰ বা আন মাধ্যমৰ বাতৰি, আলোচনাৰ শীৰ্ষত ৰাখিছে।
এক কথাত উতনুৱা স্বভাৱ, বিতৰ্কিত মন্তব্য আৰু তেওঁৰ মানৱ দৰদী মনটো পূৰ্বৰ তেওঁৰ ভাৱমূৰ্তিৰ সৈতে মিশ্ৰিত হৈ তেওঁৰ প্ৰতি এক মিশ্ৰিত ধাৰণা গঢ় লৈ উঠিছে। কাৰোবাৰ মতে তেওঁ ভাল, আন কাৰোবাৰ মতে তেওঁক অহংকাৰে মূৰত ধৰিছে। এতিয়া সাধাৰণ লোকসকলৰ মাজতেই এনে চৰ্চা চলিছে।
সেই ধাৰাবাহিকতা অব্যাহত থাকিলে এদিন তেওঁৰো দশা সেই ৰাহুলৰ দৰেই হ’ব। সময়ৰ সোঁতত তেওঁ হেৰাই যাব। থাকি যাব তেওঁক লৈ সৃষ্টি হোৱা বিতৰ্কবোৰ। মানুহৰ মৰম, আদৰ নাপালে কি লৈ জীয়াই থাকিব এজন শিল্পীয়ে? আৰু সেই শিল্পীজনৰ সৃষ্টিত নতুনত্ব নাথাকিলে পুৰণি গীতবোৰে তেওঁক এচাম শ্ৰোতাৰ মাজত জীয়াই ৰাখিব পাৰিলেও এতিয়াৰ প্ৰতিযোগিতাৰ যুগত পূৰ্বৰ গৰিমা লৈ ভৱিষ্যতে যে তেওঁ একেই শীৰ্ষতে থাকিব পাৰিব, তাৰ নিশ্চয়তা দিব নোৱাৰে।
ব্ৰাহ্মণ সম্প্ৰদায়ক লৈ তেওঁ কৰা বিতৰ্কিত মন্তব্য ধেমালি আছিল। গোচৰ ৰুজু হোৱাৰ পাছত তেওঁ এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। জাত-পাতৰ কথা তেওঁ নিবিচাৰে। উচ্চ, নীচ থাকিব নালাগে। এইখিনি ভাল কথা। কিন্তু সমাজৰ শ্ৰেণী বিভাজনৰ এই প্ৰথাৰ বিৰুদ্ধে মাত মাতি তেওঁ কেতিয়াও ক’ব নোৱাৰে- এই ব্ৰাহ্মণবোৰক মাৰি পেলাব লাগে।
কোনো এক বিষয় ক’ত কেনেদৰে উপস্থাপন কৰিব লাগে, সেয়া জনা উচিত। হয়তো ভালদৰে জানে তেওঁ। তেওঁ যেতিয়া বাহিৰৰ গামোছা ব্যৱহাৰ কৰিব নালাগে বুলি মঞ্চৰ পৰা গামোছাখন দলিয়াই দিছিল, তেতিয়া মানুহে তেওঁক সমৰ্থন কৰিছিল।কেবৰ বিৰুদ্ধে মাত মাতোতে তেওঁৰ জাতীয়তাবাদক এচামে সমালোচনা কৰিলেও অন্য একাংশই বাহ বাহ দিছিল।
কিন্তু একেজন মানুহে যেতিয়া এটা বেয়া কাম বা সমাজত কু প্ৰভাৱ পেলাব পৰা ব্যক্তব্যৰে চৰ্চালৈ আহে, তেতিয়া অনুৰূপ ধৰণে তেওঁৰ সমালোচনা হ’বই। এদিন বিহু মঞ্চত হিন্দী গান গামেই বুলি কোৱা মানুহজনে হঠাৎ হিন্দী গানক লৈ বিপৰীত স্থিতিৰে মন্তব্য কৰিলে। মানুহ আচৰিত! হ’ব পাৰে সেয়া তেওঁৰ ব্যক্তিগত বিষয়। এজন গায়কে কি গাব, কি নাগাব সেই সিদ্ধান্ত তেওঁ নিজেই ল’ব।
অযথা বিতৰ্ক এনে ব্যক্তিৰ বাবে অপ্ৰয়োজনীয়। নিজেই সেই বিতৰ্কৰ সৃষ্টিকাৰী ৰূপে চৰ্চাত থকাটো তেওঁৰ পুৰণি অভ্যাস। চিনেমাৰ কাম তেওঁ কৰি আছে। কিমান ঘন্টা কাম কৰিছে, সেই কথা কৈছে। লগতে ক’লে- ৩ দিন ধৰি কামৰ মাজতে আন কি কি কৰিছে। চিনেমা নাচালে কি কৰিব তাৰো কথা ক’লে।
এইবোৰ এজন শিল্পীৰ মুখৰ ব্যক্তব্য নে এজন সাধাৰণ কথা ক’ব নজনা লোকৰ ব্যক্তব্য সেই বিচাৰ ৰাইজে কৰিছে। তেওঁক, তেওঁৰ সৃষ্টিক বহুতেই ভাল পায়, কিন্তু ভাল নাপায় তেওঁৰ সেই অদৰকাৰী কথাবোৰ, আচৰণবোৰ।
তেওঁৰ অন্ধভক্তসকলে ক’ব পাৰে- তেওঁ যি কৰে সেয়াই আমি মানি ল’ম। কিন্তু বৰ্তমানৰ পৰিৱেশ পৰিস্থিতিয়ে কয়- তেওঁ যি কয়, সেয়া সকলোৱে মানি নলয় বা ল’ব নোৱাৰে। কথা ক’ব জনাটোও এটা কলা। আৰু সেই কলা আহৰণ কৰি নক’বলগা কথা ক’বলৈ যোৱাটোও আন ধৰণৰ এক কলা।
সমালোচনা হ’বই। মানুহে বেয়াটো দেখিলে মাত মাতিবই। আৰু তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়ককে ধৰি আন বিষয়ত লোৱা স্থিতিৰ বাবে আন এচামে সেই বিতৰ্কৰ সুযোগো গ্ৰহণ কৰিছে। সকলো মিলাই ক’ব পাৰি- ভাল কামবোৰৰ লগতে তেওঁ কৰা বেয়া কামবোৰে তেওঁক সমালোচনা কৰাৰ সুযোগ আনি দিছে। আৰু এনে বিতৰ্কবোৰে তেওঁৰ প্ৰতিষ্ঠা আৰু জনপ্ৰিয়তাত প্ৰভাৱ পেলাইছে। এদিন তেওঁ সেই ৰাহুলৰ দৰেই হৈ পৰিলে ইয়াৰ বাবে দায়ী হ’ব তেওঁ নিজেই। কিন্তু তেওঁৰ সমালোচনা কৰিলে বেয়া পোৱা সকলে ভাৱিব নালাগে- আমি তেওঁক ভাল নাপাওঁ…।
The post নাভাৱিব আমি তেওঁক ভাল নাপাওঁ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2SUCOo6
via IFTTT
Comments
Post a Comment