কেলিফৰ্ণিয়াৰ বাৰ্ষিক গিলৰ’য় গাৰ্লিক মহোৎসৱৰ মাজতে দুৰ্বৃত্তৰ গুলীচালনা, নিহত ৩

- কেলিফৰ্ণিয়াৰ বাৰ্ষিক গিলৰ’য় গাৰ্লিক মহোৎসৱৰ মাজতে অঘটন।
- উৎসৱ চলি থকাৰ মাজতে দুৰ্বৃত্তই কৰে নিৰ্বিচাৰ গুলীচালনা।
- দুৰ্বৃত্তৰ গুলীবৰ্ষণত নিহত ৩ জন ব্যক্তি।
- আনহাতে আহত হৈছে আন বহুকেইজন।
- গুলীচালনা কৰা দুৰ্বৃত্তৰ এতিয়াও চিনাক্ত কৰিব পৰা নাই।
- ২৮ জুলাইত মহোৎসৱৰ অন্তিম দিনা সংঘটিত হয় এই অঘটন।
- দ্য এছ’চিয়েট প্ৰেছে সদৰী কৰিছে এই খবৰ।
- কেলিফৰ্ণিয়াৰ গিলৰ’য়ৰ খ্ৰীষ্টমাছ হিল পাৰ্কত অনুষ্ঠিত হৈছিল এই মহোৎসৱ।
- ২৬ জুলাইৰ পৰা ২৮ জুলাইলৈ অনুষ্ঠিত হৈছিল বাৰ্ষিক গিলৰ’য় গাৰ্লিক মহোৎসৱ।
- নহৰুৰে বনোৱা বিভিন্ন সুস্বাদু খাদ্যৰ জুতি ল’বলৈ এই মহোৎসৱলৈ বিভিন্ন দেশৰ পৰা আহে পৰ্যটকসকল।
The post কেলিফৰ্ণিয়াৰ বাৰ্ষিক গিলৰ’য় গাৰ্লিক মহোৎসৱৰ মাজতে দুৰ্বৃত্তৰ গুলীচালনা, নিহত ৩ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2K00qod
via IFTTT
Comments
Post a Comment