উন্নাওৰ ভুক্তভূগী কিশোৰীয়ে ন্যায় বিচাৰি মুখ্য ন্যায়াধীশলৈ লিখিছিল পত্ৰ

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ উন্নাওত দলবদ্ধ বলাৎকাৰৰ বলি হোৱা কিশোৰীগৰাকী আৰু তেওঁৰ পৰিয়ালে সমগ্ৰ ঘটনা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি দেশৰ মুখ্য ন্যায়াধীশলৈ প্ৰেৰণ কৰিছিল এক পত্ৰ। ৰায়পুৰত এক ৰহস্যজনক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ বৰ্তমান চিকিৎসালয়ত থকা কিশোৰীগৰাকীয়ে ন্যায়ালয়লৈ এই পত্ৰ প্ৰেৰণ কৰাৰ কথা সদৰী কৰিছে খোদ মুখ্য ন্যায়াধীশে।
১২ জুলাই, ২০১৯ত এই পত্ৰ প্ৰেৰণ কৰিছিল কিশোৰীগৰাকীয়ে। এই সন্দৰ্ভত এক প্ৰতিবেদন বিচাৰিছে ন্যায়ালয়ে। উল্লেখযোগ্য যে, হাই প্ৰফাইল এই দলবদ্ধ বলাৎকাৰৰ ঘটনাৰ সৈতে নাম সাঙোৰ খাই পৰিছে বিজেপিৰ এজন বিধায়কৰ লগতে তেওঁৰ ভাতৃৰ নাম।
মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে মঙলবাৰে জনায় যে তেওঁক এই পত্ৰ সন্দৰ্ভত অৱগত কৰা হৈছে যদিও এতিয়ালৈকে তেওঁ চিঠিখন পঢ়া নাই। কাকতৰ জৰিয়তে তেওঁ এই কথা অৱগত হয় আৰু পিছত তেওঁ উচ্চতম ন্যায়ালয়ৰ বিষয়াই এই সন্দৰ্ভত অৱগত কৰিছে।
গগৈয়ে লগতে কয়, ‘এয়া দুৰ্ভাগ্যজনক। মই চিঠিখন এতিয়ালৈকে পঢ়াই নাই। কিন্তু কাকতত এই সন্দৰ্ভত বাতৰি হৈ গ’ল। উচ্চতম ন্যায়ালয়ে এই পত্ৰ সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা ভি গিৰীক জৰুৰীভাৱে শিশুৰ বিৰুদ্ধে যৌন অপৰাধ (পিঅ’চিএছঅ’)ৰ অধীনত এক গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে।
উল্লেখযোগ্য যে, চাকৰি বিচাৰি বিজেপি বিধায়ক কুলদ্বীপ সিং চেঙাৰৰ ঘৰলৈ যোৱাৰ সময়ত কিশোৰীগৰাকীক বিধায়কগৰাকীয়ে বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। ২০১৭ চনত সংঘটিত হৈছিল এই বলাৎকাৰৰ ঘটনা। ২০১৮ চনত কিশোৰীগৰাকীয়ে ন্যায়ৰ দাবীত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল। তাৰ পাছতেই এই বলাৎকাৰৰ ঘটনাক লৈ দেশজুৰি চৰ্চা হৈছিল।
ইফালে এখন গাড়ীৰে যোৱা দেওবাৰে গৈ থকাৰ সময়ত ভুক্তভূগী কিশোৰী আৰু তেওঁৰ পৰিয়ালক হত্যাৰ ষড়যন্ত্ৰ কৰাৰ সন্দৰ্ভতো আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে। সেইদিনা ভুল দিশত অহা নম্বৰ নথকা এখন ট্ৰাকে কিশোৰীগৰাকী গৈ থকা বাহনখনত ঘন্টাত ১০০ কিলোমিটাৰৰো অধিক বেগত গৈ খুন্দা মাৰিছিল।
এই দুৰ্ঘটনাত বলাৎকাৰৰ বলি হোৱা কিশোৰীগৰাকী আৰু তেওঁৰ অধিবক্তা গুৰুতৰভাৱে আহত হৈছিল আৰু বাহনখনৰ চালক, কিশোৰীগৰাকীৰ মাহীয়েকৰ লগতে তেওঁৰ খুৰীয়েক দুৰ্ঘটনাত নিহত হৈছিল। তাৰ পাছতে পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই উন্নাও বলাৎকাৰ কাণ্ড।
The post উন্নাওৰ ভুক্তভূগী কিশোৰীয়ে ন্যায় বিচাৰি মুখ্য ন্যায়াধীশলৈ লিখিছিল পত্ৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2KkiDvE
via IFTTT
Comments
Post a Comment