বলাৎকাৰী বিজেপি বিধায়কৰ শাস্তিৰ দাবীত নিৰ্যাতনৰ বলি হোৱা যুৱতীৰ আত্মীয়ৰ প্ৰতিবাদ

ডিজিটেল ডেস্কঃ দেওবাৰে নিশা উত্তৰ প্ৰদেশৰ উন্নাৱত দুৰ্ঘটনাত পতিত হোৱা উন্নাৱ ধৰ্ষণকাণ্ডৰ নিৰ্যাতনৰ বলি হোৱা যুৱতীগৰাকী বৰ্তমান লক্ষ্ণৌৰ কিং জৰ্জ মেডিকেল ট্ৰাউমা চেন্টাৰত চিকিৎসাধীন হৈ আছে। ইফালে মঙলবাৰে যুৱতীগৰাকীৰ একাংশ আত্মীয়ই চিকিৎসালয়খনৰ বাহিৰত যুৱতীগৰাকীক সুৰক্ষা প্ৰদানৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে।
নিৰ্যাতনৰ বলি হোৱা যুৱতীগৰাকীৰ আত্মীয়ই উন্নাৱ বলাৎকাৰ কাণ্ডৰ মূল অভিযুক্ত বিজেপি বিধায়ক কুলদ্বীপ চেঙাৰক অতি সোনকালে যথোচিত শাস্তি বিহিবলৈ চৰকাৰক দাবী জনায়। লগতে যুৱতীগৰাকীৰ হৈ যুঁজ দি বৰ্তমান ৰায়বৰেলী কাৰাগাৰত কাৰাবাস খাটি থকা যুৱতীগৰাকীৰ খুড়াক মহেশ সিঙৰ মুক্তিৰো দাবী জনায় পৰিয়ালে।
উল্লেখ্য যে, ২০১৭ চনত উন্নাৱৰ এগৰাকী যুৱতীয়ে বিজেপি বিধায়ক কুলদ্বীপ চেঙাৰৰ বিৰুদ্ধে বলাৎকাৰ অভিযোগ তুলিছিল। যুৱতীগৰাকীৰ এই অভিযোগৰ পিছতে পস্ক’ আইনৰ অধীনত বিধায়কজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত চলাই থকা হৈছে। ইফালে তদন্ত চলি থকাৰ সময়তে দেওবাৰে সন্ধিয়া ৰায়বৰেলীৰ কাৰাগাৰৰ পৰা খুড়াকক সাক্ষাৎ কৰি উভতি অহাৰ পথত এখন ট্ৰাকে খুন্দা মাৰে নিৰ্যাতনৰ বলি হোৱা যুৱতীগৰাকী আৰু তেওঁৰ পৰিয়ালটো আহি থকা বাহনখনত। এই দুৰ্ঘটনাত যুৱতীগৰাকীৰ ২ আত্মীয় মহিলাৰ মৃত্যু ঘটে।
ইফালে এই দুৰ্ঘটনা বিজেপি বিধায়কজনে পৰিকল্পিতভাৱে সংঘটিত কৰাৰ অভিযোগ তুলিছে বিৰোধী সমাজবাদী পাৰ্টী, কংগ্ৰেছ আনকি যুৱতীগৰাকীৰ পৰিয়ালেও। যাৰ পৰিপ্ৰেক্ষিতত এই দুৰ্ঘটনাৰ চিবিআই তদন্ত দাবী কৰা হৈছে। আনহাতে বিজেপি বিধায়কে যিকোনো প্ৰকাৰে যুৱতীগৰাকীক হত্যাৰ চেষ্টা চলোৱাৰ আশংকা কৰিছে পৰিয়ালে। যাৰ বাবে বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা যুৱতীগৰাকীৰ নিৰাপত্তা কটকটীয়া কৰিবলৈ চৰকাৰক দাবী জনায় চিকিৎসালয়ৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিছে পৰিয়ালৰ লোকে।
The post বলাৎকাৰী বিজেপি বিধায়কৰ শাস্তিৰ দাবীত নিৰ্যাতনৰ বলি হোৱা যুৱতীৰ আত্মীয়ৰ প্ৰতিবাদ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2KhKdts
via IFTTT
Comments
Post a Comment