বিজেপিৰ মহিলা সাংসদক লৈ অশালীন মন্তব্য কৰা আজম খানে লোকসভাত খুজিলে ক্ষমা…

  • লোকসভাৰ মজিয়াত ক্ষমা খুজিলে সমাজবাদী পাৰ্টীৰ সাংসদ আজম খানে।
  • বিজেপি সাংসদ ৰামা দেৱীক লৈ কৰা আপত্তিজনক মন্তব্যক লৈ সদনত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পিছতে ক্ষমা খোজে আজম খানে।
  • ‘লোকসভাৰ সদস্য সকলক আঘাত দিয়াৰ উদ্দেশ্য মোৰ নাছিল।’
  • ‘মোৰ ভাষণ আৰু আচৰণৰ বিষয়ে সদনে জানে।’
  • ‘ইয়াৰ পিছতো যদি সদনৰ সদস্যসকলে ভাৱে যে মই ভুল কৰিছো, তেন্তে তাৰ বাবে ক্ষমা বিচাৰিছো।’
  • লোকসভাত ক্ষমা বিচাৰি এইদৰে মন্তব্য কৰে আজম খানে।
  • ইফালে বিজেপি সাংসদ ৰামা দেৱীয়েও প্ৰতিক্ৰিয়া ব্যক্ত কৰে সদনত।
  • ‘আজম খানৰ মন্তব্যই পুৰুষ আৰু মহিলা উভয়কে সমানে আঘাত কৰিছে।’
  • ‘কিন্তু তেওঁ সেয়া নুবুজিব।’
  • ‘কাৰণ তেওঁৰ স্বভাৱেই তেনেকুৱা।’
  • ‘প্ৰয়োজনাধিক স্খলিত তেওঁৰ আচৰণ।’

The post বিজেপিৰ মহিলা সাংসদক লৈ অশালীন মন্তব্য কৰা আজম খানে লোকসভাত খুজিলে ক্ষমা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/32X7yZX
via IFTTT

Comments