লখিমপুৰ আৰক্ষীৰ অভিযানত বাংলাদেশ নিয়াৰ পথত ৬৪টা চোৰাং গৰু জব্দ, ৭ জনক আটক

ডিজিটেল সংবাদ, লখিমপুৰঃ সোমবাৰে নিশা অভিযান চলাই লখিমপুৰৰ আৰক্ষীয়ে ৬৪টাকৈ চোৰাং গৰুসহ তিনিখন বাহন জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে সদৰী কৰা মতে চোৰাং সৰবৰাহকাৰীয়ে গৰুসমূহ বাহনেৰে বাংলাদেশলৈ নি আছিল। লখিমপুৰৰ বগীনদী আৰু উত্তৰ লখিমপুৰ সদৰ আৰক্ষীৰ নিয়মীয়া পহৰাৰ সময়তে গৰুসহ উক্ত চোৰাং গৰু ব্যৱসায়ী চক্ৰটোক কৰায়ত্ত কৰে।
আৰক্ষীয়ে বগীনদী এলেকাৰ পৰা ৫২টা আৰু উত্তৰ লখিমপুৰ নগৰৰ খেলমাটিৰ পৰা ১২টা গৰু চোৰাং ব্যৱসায়ীৰ হাতৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে। গৰু সৰবৰাহ কৰিবলৈ ব্যৱহাৰ কৰা এএছ ০৭এচি ৬১৩৬, এএছ ২২চি ২৬৩৮ আৰু এএছ ১৬চি ১৮১২ নম্বৰৰ তিনিখন গাড়ীও আৰক্ষীয়ে জব্দ কৰিছে।
চোৰাংকৈ গৰু সৰবৰাহৰ সৈতে জড়িত বগীনদীৰ মঈদুল আলী (২০), আব্দুল আলী (২৫), বঙালমৰাৰ আইনুদ্দিন, ছাদিকুল ইছলাম, ধেমাজিৰ শ্ৱেখ ফৰিদ, শুকুৰ আলী, কোকৰাঝাৰ জিলাৰ অমৃত বৰ্মন আৰু অৰ্জুন বৰ্মন নামৰ লোককেইজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কোৰবানীৰ প্ৰাকমুহূৰ্ৰত এই গৰুখিনি বাংলাদেশলৈ সৰবৰাহ কৰাৰ বাবে তৎপৰতা চলোৱাৰ সময়তে আৰক্ষীয়ে কৌশলেৰে জব্দ কৰিবলৈ সক্ষম হয়।
The post লখিমপুৰ আৰক্ষীৰ অভিযানত বাংলাদেশ নিয়াৰ পথত ৬৪টা চোৰাং গৰু জব্দ, ৭ জনক আটক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2K5aA7b
via IFTTT
Comments
Post a Comment