আলহী খাবলৈ গৈ বিহ সনা আঞ্জা খাই প্ৰাণ হেৰুৱালে কণমানি বেৰিশা বৰাই…

ডিজিটেল ডেস্কঃ এক শোকাৱহ ঘটনা, আলহী খাবলৈ গৈ প্ৰাণ হেৰুৱালে এগৰাকী কণমানিয়ে। নাম বেৰিশা বৰা। তিনিচুকীয়াৰ বাৰেকুৰি বৰগাৱঁৰ বেৰিশাই মঙলবাৰে নিশা একেখন গাঁৱৰে ৰাজেশ বড়ো নামৰ লোকজনৰ ঘৰত পৰিয়ালৰসৈতে আলহী খাবলৈ গৈছিল। আহাৰ খাই উঠি কিছুসময়ৰ পাছতে মৃত্যু হয় বেৰিশাৰ।
ইফালে ঘটনা সংঘটিত হোৱাৰ পাছতে গাঁৱখনত হুৱাদুৱা লাগে। নিশাই আৰক্ষীয়ো উপস্থিত হয়গৈ ঘটনাস্থলীত। ৰাজেশ বড়োৰ ঘৰৰ সমীপতে কীটনাশক দৰৱৰ বটল উদ্ধাৰ হোৱাাৰ পাছতে সন্দেহ কৰা হয় যে কোনো দৃৰ্বৃত্তই নিশা আহাৰত কীট নাশক দৰৱ ঢালি ১০জনীয়া পৰিয়ালটোক নিঃশেষ কৰি পেলোৱাৰ ষড়যন্ত্ৰ কৰিছিল। আনহাতে বিহসনা আঞ্জাখিনি এটা হাঁহক খাবলৈ দিয়াৰ ১৫ মিনিটৰ ভিতৰতে মৃত্যু হয় হাঁহটোৰ। সমগ্ৰ ঘটনা এতিয়াও ৰহস্যৰ আৱৰ্তত যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
The post আলহী খাবলৈ গৈ বিহ সনা আঞ্জা খাই প্ৰাণ হেৰুৱালে কণমানি বেৰিশা বৰাই… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Ke7mgn
via IFTTT
Comments
Post a Comment