মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰীৰ দাবী- আৰু ৬ জন বিজেপি বিধায়কে যোগ দিব কংগ্ৰেছত

ডিজিটেল ডেস্কঃ কৰ্ণাটকৰৰ পিছত মধ্যপ্ৰদেশত চৰকাৰ পৰিবৰ্তনক লৈ চলা চৰ্চাৰ মাজতে মুখ্যমন্ত্ৰী কমলনাথ মন্ত্ৰীসভাৰ এগৰাকী মন্ত্ৰীয়ে কৰা মন্তব্যই মধ্যপ্ৰদেশৰ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কেবিনেট মন্ত্ৰী লাখন সিঙে মঙলবাৰে এক অনুষ্ঠান সম্বোধন কৰি বিজেপিৰ ৬ গৰাকী বিধায়কে কংগ্ৰেছত যোগদানৰ বাবে যো-জা চলোৱা বুলি দাবী কৰে।
লাখন সিঙে কয়, ‘মধ্যপ্ৰদেশত বিজেপিৰ নীতি ওলোটা হৈ পৰিছে। কিয়নো ইতিমধ্যেই বিজেপিৰ ২জন বিধায়কে আমাৰ চৰকাৰলৈ সমৰ্থন আগবঢ়াইছে। এতিয়া আন ৬ গৰাকীয়ে কংগ্ৰেছত যোগদানৰ বাবে যো-জা চলাইছে।’ উল্লেখ্য যে, ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় মহাসচিব কৈলাশ বিজয়বৰ্গীয়ই দুদিন পূৰ্বে মন্তব্য কৰিছিল যে কৰ্ণাটকৰ পিছত পশ্চিম বংগ আৰু মধ্যপ্ৰদেশত বিজেপিয়ে চৰকাৰ সলনি কৰিব। বিজেপি নেতাগৰাকীৰ সেই মন্তব্যৰ প্ৰত্যুত্তৰ দিয়েই মধ্যপ্ৰদেশৰ মন্ত্ৰী লাখন সিঙে কৰা মন্তব্যই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে বিধানসভাত বিজেপিৰ সৈতে মত বিভাজনৰ সময়ত বিজেপিৰ দুই বিধায়ক ক্ৰমে শাৰদ কৌল আৰু নাৰায়াণ ত্ৰিপাঠীয়ে কমলনাথ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰলৈ সমৰ্থন আগবঢ়াইছিল।
The post মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰীৰ দাবী- আৰু ৬ জন বিজেপি বিধায়কে যোগ দিব কংগ্ৰেছত appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Yrv7qj
via IFTTT
Comments
Post a Comment