টংলাত পথ দুৰ্ঘটনা, যুৱকৰ মৃত্যু…

ডিজিটেল সংবাদ, টংলাঃ ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত পুৰন্দিয়াত দেওবাৰে সন্ধিয়া সংঘটিত এটা পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷

জানিব পৰামতে কলাইগাঁও থানাৰ অন্তৰ্গত মেচকাপুখুৰী গাঁৱৰ পৰা পুৰন্দিয় অঞ্চলৰ এখন বিয়াৰ নিমন্ত্ৰণ খাৱলৈ অহা চাৰিজন যুৱকে এএছ০১ এ এন ৪৪৬২ নম্বৰৰ লঘু বাহনখনেৰে সন্ধিয়া প্ৰায় ৭-৫৫ বজাত মেকেঞ্জী পথেৰে তীব্ৰ বেগে আহি থকা সময়তে পুৰন্দিয়াত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এডাল গছত খুন্দা মৰাত বাহনখনৰ আৰোহী তথা মেচকাপুখুৰী গাঁৱৰ ৰাজু ৰাভাৰ ২১ বছৰীয়া পুত্ৰ নিৰঞ্জন ৰাভা গুৰুত্বৰভাৱে আহত হয় ৷

আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত যুৱকজনক টংলা সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়াৰ পথত যুৱকজনৰ মৃত্যু ঘটে ৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখনত কেইবাটাও সুৰাৰ বটল উদ্ধাৰ হোৱাৰ উপৰি বাহনখনত আন তিনিজন আৰোহী দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে আহত অৱস্থাৰেই পলায়ন কৰা বুলি প্ৰত্যক্ষদৰ্শী ৰাইজে জনাইছে ৷

The post টংলাত পথ দুৰ্ঘটনা, যুৱকৰ মৃত্যু… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/37UVoU3
via IFTTT

Comments

Popular Posts