জন্মৰ প্ৰমাণ পত্ৰ নহয়, শিশুৰ জন্মৰ লগে লগে লাভ কৰিব আধাৰ কাৰ্ড

ডিজিটেল ডেস্কঃ শিশুৰ জন্মৰ লগে লগেই প্ৰদান কৰা হ’ব আধাৰ কাৰ্ড। জন্মৰ প্ৰমাণ পত্ৰৰ পূৰ্বেই শিশুৰ বাবে আধাৰ কৰ্তৃপক্ষই আধাৰ কাৰ্ডকৰ ব্যৱস্থা কৰিব। আধাৰ কাৰ্ড নিৰ্মাণ কৰ্তৃপক্ষ অউ আই ডি এ আইয়ে শীঘ্ৰেই চিকিৎসালয়তে নৱজাতকক আধাৰ কাৰ্ড প্ৰদান কৰাৰ প্ৰস্তুতি চলাইছে।

ইউ আই ডি এ আইৰ মুখ্য কাৰ্যবাহী বিষয়া সৌৰভ গাৰ্গে এই বিষয়ত কয় যে, আমি নৱজাতকসকলক আধাৰ নম্বৰ প্ৰদান কৰিবলৈ জন্ম পঞ্জীয়কৰ সৈতে চুক্তিবদ্ধ হ’বলৈ চেষ্টা কৰি আছো। গাৰ্গে কৈছে যে, প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ৯৯.৭ শতাংশ লোকক আধাৰৰ অধীনলৈ অনা হৈছে। ইয়াৰ অধীনত, এতিয়ালৈকে দেশৰ ১.৩১ কোটি জনসংখ্যাৰ নাম আধাৰ ভুক্ত কৰা হৈছে। এতিয়া, আমি নৱজাতকসকলক নামভৰ্তি কৰিবলৈ চেষ্টা কৰি আছোঁ।

তেওঁ কয় যে, প্ৰতি বছৰে আঢ়ৈ কোটি শিশুজন্ম হয়। আমি তেওঁলোকক আধাৰত নামভৰ্তি কৰাৰ প্ৰক্ৰিয়াত আছো। শিশুটোৰ জন্মৰ সময়ত তেওঁলোকৰ ফটো ক্লিক কৰি আধাৰ কাৰ্ড জাৰী কৰা হ’ব। ইয়াৰোপৰি তেওঁ কয়, আমি ৫ বছৰৰ তলৰ শিশুৰ বায়োমেট্ৰিক গ্ৰহণ নকৰোঁ কিন্তু ইয়াক তেওঁৰ পিতৃ-মাতৃৰ এজনৰ সৈতে সংযুক্ত কৰিম।

শিশুটোৰ বায়োমেট্ৰিক ৫ বছৰ বয়স অতিক্ৰম কৰাৰ পিছত লোৱা হ’ব। আমি আমাৰ সমগ্ৰ জনসংখ্যাক আধাৰ নম্বৰ দিবলৈ চেষ্টা কৰি আছো। যোৱা বছৰ, দূৰৱৰ্তী অঞ্চলত ১০,০০০ শিবিৰ স্থাপন কৰা হৈছিল। তাত আমাক কোৱা হৈছিল যে বহুতো লোকৰ আধাৰ নম্বৰ নাই। এই অনুশীলনত ৩০ লাখ লোকৰ নাম ভৰ্তি কৰা হৈছিল।আমি ২০১০ চনত প্ৰথম আধাৰ নম্বৰ জাৰী কৰিছিলো।

আৰম্ভণিতে, আমাৰ মনোযোগ আছিল যিমান পাৰি সিমান মানুহক নামভৰ্তি কৰা। এতিয়া আমাৰ মনোযোগ ইয়াক আপডেট কৰাৰ ওপৰত। প্ৰতি বছৰে প্ৰায় ১০০ নিযুত লোকে তেওঁলোকৰ নাম, ঠিকনা, ম’বাইল নম্বৰ আপডেট কৰে। ১৪০ কোটি বেংক একাউণ্টৰ ভিতৰত, ১২০ কোটি একাউণ্ট আধাৰৰ সৈতে সংযুক্ত কৰা হৈছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3ywOty2
via IFTTT

Comments