যোৰহাট আৰক্ষীৰ আজৱ কাণ্ডঃ অপৰাধীক কৰায়ত্ত কৰি পুনৰ মুকলি….

- ৰাজ্যত অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ তৎপৰতাৰ বিপৰীতে সংঘটিত হৈছে আজৱ ঘটনা।
- যোৰহাট আৰক্ষীৰ কাণ্ডত স্তম্ভিত যোৰহাটবাসী।
- অপৰাধীক কৰায়ত্ত কৰি মুকলি কৰি দিলে আৰক্ষীয়ে!
- আৰক্ষীৰ জিম্মাত নাই হৰিজন কলনীৰ অপৰাধী পচা বাচফৰ।
- আৰক্ষীৰ জিম্মাৰ পৰা পলোৱাৰ সন্দেহ।
- যোৰহাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই গ্ৰেপ্তাৰ কৰিছিল পচাক।
- ইয়াৰ পিছতে পচা বাচফৰক মুকলি কৰি দিছিল আৰক্ষীয়ে।
- ইয়াৰ পিছতে ৰাজ্যৰ মাজত আৰম্ভ হৈছিল প্ৰতিক্ৰিয়া।
- পচাক মুকলি কৰি দিয়াক লৈ সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি।
- ফলশ্ৰুতিত আৰক্ষী বিষয়াজনক তৎকালীনভাৱে বদলি কৰা হৈছে।
- পচাক মুকলি কৰি দিয়াৰ প্ৰসংগত যোৰহাট আৰক্ষীৰ তুলুঙা মন্তব্য।
- কোনো লোকে এজাহাৰ দাখিল নকৰাৰ বাবেই তেওঁক মুকলি কৰি দিয়া হ’ল।
- আৰক্ষীৰ জিম্মাৰ পৰা মুকলি হৈ আত্মগোপন কৰিছে পচা আৰু তেওঁৰ সতীৰ্থই।
- ইয়াৰ পিছতে হৰিজন কলনীৰ লোকে দাখিল কৰিছিল এজাহাৰ।
- পুনৰ অপৰাধীজনক গ্ৰেপ্তাৰৰ বাবে যোৰহাট আৰক্ষীয়ে চলাইছে অভিযান।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/32mtH8y
via IFTTT
Comments
Post a Comment