স্বাধীনতাৰ ৭ দশকৰ পিছত বিদ্যুতৰ পোহৰ দেখিলে নাৰায়ণপুৰৰ মৰনৈ-বকুলগুৰি বাসীয়ে…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ :স্বাধীনতাৰ ৭ দশকৰ পিছটো বিদ্যুতৰ পোহৰ নেদেখা লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এখন গাঁও । বিগত বছৰ বছৰ ধৰি প্ৰতিখন চৰকাৰ-প্ৰশাসনৰ বঞ্চনাৰ বলি হৈ অহা গাঁও খনৰ লোক সকলে অৱশেষত বিদ্যুতৰ পোহৰৰ মুখ দেখিবলৈ সক্ষম হ’ল । নাৰায়ণপুৰৰ জামুগুৰি গাঁও পঞ্চায়ত এলেকাৰ মৰনৈ বকুলগুৰি গাঁও বাসী আজি উৎফুল্লিত ।

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাত্ৰ ২ কিলোমিটাৰ দূৰত্বত অৱস্থিত গাঁও খনৰ নলনিহলা পথাৰত বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড.অমিয় কুমাৰ ভূঞাই উদ্বোধন কৰিলে দীনদয়াল উপাধ্যায় গ্ৰাম্যজ্যোতি যোজনাৰ অধীনত এখন বিশেষ আঁচনি । আঁচনি খন উদ্বোধনৰ পিছতে গাঁওবাসীৰ মুখত উপচি পৰিল হাঁহি । উল্লেখ্য যে উক্ত আঁচনি খনৰ জৰীয়তে গাঁও খনৰ ২৪ টাকৈ পৰিয়াল উপকৃত হ’ব ।

আঁচনি খনৰ উদ্বোধনী অনুষ্ঠানত বিধায়ক গৰাকীৰ উপৰি বিদ্যুত বিভাগৰ লখিমপুৰ জিলাৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিত হাজৰিকা,জিলা সহকাৰী মুখ্য প্ৰবন্ধক কামাল হাচান,বিহপুৰীয়া উপ সংমণ্ডল বিষয়া সুৰেণ চেকনীধৰা প্ৰমুখ্যে কেবাজনো উচ্চ পদস্থ বিষয়া উপস্থিত থাকে ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3sEqwnG
via IFTTT

Comments