ভয়ংকৰভাৱে দেশত বিয়পিছে অমিক্ৰ’ণ…

ডিজিটেল ডেস্কঃ দেশত কোৰোনাৰ নতুন ভেৰিয়েন্ট অমিক্ৰণে লৈছে ভয়ংকৰ ৰূপ। এতিয়ালৈকে ১৯খন ৰাজ্যত সংক্ৰমিত হৈছে অমিক্ৰণ। এই ১৯খন ৰাজ্যত ৫২৯গৰাকী লোক আক্ৰান্ত হৈছে অমিক্ৰণত। এতিয়ালৈকে মহাৰাষ্ট্ৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে অমিক্ৰণত। ১৪১গৰাকীকৈ লোক মহাৰাষ্ট্ৰত অমিক্ৰণত আক্ৰান্ত হৈছে।
ইফালে দিল্লীত ৭৯গৰাকী, গুজৰাটত ৪৯গৰাকী, তেলংগানাত ৪৪গৰাকী, কেৰালাত ৫৭গৰাকী, তামিলনাডুত ৩৪গৰাকী, কৰ্ণাটকত ৩৮গৰাকী, ৰাজস্থানত ৪৩গৰাকী, হাৰিয়ানাত ১০গৰাকী, মধ্যপ্ৰদেশত ৯গৰাকী, উৰিষ্যাত ৮গৰাকীকৈ লোক আক্ৰান্ত হৈছে অমিক্ৰণত।
অন্ধ্ৰপ্ৰদেশত ৬গৰাকী, পশ্চিমবংগত ৬গৰাকী, জম্মু-কাশ্মীৰত ৩গৰাকীকৈ লোক আক্ৰান্ত হৈছে অমিক্ৰণত। ইফালে দেশত কোৰোনাৰ সংক্ৰমণৰ হাৰো ০.৫শতাংশ বৃদ্ধি হৈছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা দিল্লীত আৰম্ভ হব নাইট কাৰ্ফিউ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/30ZM16P
via IFTTT
Comments
Post a Comment