শিলচৰত পুনৰ দুখন কয়লা ভৰ্তি ডি আই ট্ৰাক জব্দ…

ডিজিটেল সংবাদ, শিলচৰঃ অবৈধ কয়লা সৰবৰাহৰ বিৰুদ্ধে কাছাৰ আৰক্ষীয়ে কঠোৰ পদক্ষেপ লোৱাৰ পিচতো কয়লাৰ চোৰাং ব্যৱসায় বন্ধ হোৱা নাই কাছাৰ সহ বৰাক উপত্যকাত ৷ ন ন কৌশলেৰে প্ৰতিদিনে মেঘালয়ৰ পৰা কয়লা সৰবৰাহ কৰি আছে কয়লাৰ চোৰাং ব্যৱসায়ী সকলে ৷ এইবাৰ ডাঙৰ ট্ৰাকৰ পৰিৱৰ্তে সৰু সৰু ট্ৰাকেৰে কয়লা সৰবৰাৰ কৰাৰ কৌশল গ্ৰহন কৰিছে কয়লা ব্যৱসায়ীয়ে ৷ এইদৰে চোৰাংভাবে কয়লা সৰবৰাহ কৰাৰ সময়ত শিলচৰত আৰক্ষীয়ে জব্দ কৰে দুখন কয়লা ভৰ্তি ডিআই বাহন ৷
কাটিগৰাৰ গুমৰাৰ পৰা শিলচৰ ৰংপুৰলৈ অনাৰ সময়ত তাৰাপুৰ আৰক্ষীয়ে জব্দ কৰে কয়লা ভৰ্তি ট্ৰাক দুখন ৷ কয়লা খিনি গুমৰাৰ কয়লা ব্যৱসায়ী আমিৰ হুছেইনৰ বুলি জানিব পৰা গৈছে AS11DC-6289 আৰু ASDC-1051 নম্বৰৰ ট্ৰাক দুখন জব্দ কৰাৰ লগতে ট্ৰাক দুখনৰ চালক আনোৱাৰ উদ্দিন তালুকদাৰ আৰু হিলাল উদ্দিনক আটক কৰে ৷ দুয়ো জনৰ ঘৰ গুমৰাত৷ সম্প্ৰতি তাৰাপুৰ থানাত জেৰা কৰি থকা হৈছে চালক দুজনক
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3HjHsUz
via IFTTT
Comments
Post a Comment