আকৌ ইণ্ডিয়ান অইলৰ ৰিফাইনেৰীত অগ্নিকাণ্ডঃ ৩ জন নিহত ৪০ ৰো অধিক আহত…

ডিজিটেল ডেস্কঃ পুনৰ ইণ্ডিয়ান অইল ৰিফাইনেৰীত সংঘটিত হ’ল এক ভয়ংকৰ অঘটন। ইণ্ডিয়ান অইলৰ ৰিফাইনেৰীত সূত্ৰপাত হোৱা অগ্নিকাণ্ডৰ ফলত কেইবাজনো লোক নিহত হোৱাৰ লগতে আহত হ’ল প্ৰায় অৰ্ধ শতাধিক। এই ভয়াবহ অগ্নিকাণ্ডাৰ ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ পূব মেদিনীপুৰ জিলাৰ হালদিয়াত।

মঙলবাৰে দিনৰ ভাগত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ঘটনাত ৩ জন লোকৰ থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে ৪৪ জন। ইয়াৰে বহুজনৰে অৱস্থা অতি সংকটজনক। উল্লেখ্য যে, পশ্চিম বংগৰ পূব মেদিনীপুৰ জিলাৰ হালদিয়াত মঙলবাৰে দুপৰীয়া ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনৰ শোধনাগাৰৰ এটা ইউনিটত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।

এইবিষয়ে অইল ইণ্ডিয়াই কৰ্পোৰেশ্যনে এক বিবৃতিৰ জৰিয়তে কৈছে যে, ভয়াবহ অগ্নিকাণ্ডৰ ঘটনাটো শোধনাগাৰৰ এটা ইউনিটত সংঘটিত হৈছিল। সেই বিশেষ ইউনিটত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত শ্বাটডাউন সম্পৰ্কীয় কাম চলি আছিল।সেই সময়তে ইন্ধনত হঠাতে অগ্নিৰ সূত্ৰপাত হোৱাত এই ঘটনা সংঘটিত হ’বলৈ পালে।

অৱশ্যে ইণ্ডিয়ান অইল কৰ্পোৰেশ্যেন কৰা বিবৃতিত উল্লেখ কৰা মতে এই ভয়াবহ অগ্নি সম্পূৰ্ণৰূপে নিৰ্বাপিত কৰিবলৈ সক্ষম হৈছে। আঘাতপ্ৰাপ্ত ৪৪ জন লোকৰ ৩৭ জনক কলকাতাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু আন ৭ জন আহত সংকটজনক।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/329ZycR
via IFTTT

Comments