অসমত লকডাউন? কি ক’লে স্বাস্থ্যমন্ত্ৰীয়ে…

ডিজিটেল ডেস্কঃ আজিৰে পৰা ৰাজ্যত বলবৎ হব নতুন এছ অ পি। যোৱা শনিবাৰে স্বাস্থ্যমন্ত্ৰীয়ে এই নতুন নীতি-নিয়ম সংবাদমেলযোগে ঘোষণা কৰে। ইফালে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে পুৱাই ANIৰ আগত সদৰি কৰি যে, কোৰোনাই সৃষ্টি কৰিব পৰা যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ অসম চৰকাৰ সাজু আছে।

লকডাউন সম্বন্ধীয় সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মহন্তই লগতে কয়, অসমত লকডাউন দিয়াৰ সন্দৰ্ভত কোনো চিন্তা চৰ্চা কৰা হোৱা নাই। লকডাউন দিয়াৰ পৰিস্থিতি অসমত সৃষ্টি হোৱা নাই বুলি মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে, শনিবাৰে ঘোষণা কৰা এছ অ পি অনুসৰি আজি নিশা ১১.৩০বজাৰ পৰা আৰম্ভ হব নৈশ সান্ধ্য আইন। পুৱা ৬.৩০বজালৈ এই সান্ধ্য আইন অব্যাহত থাকিব।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/314127S
via IFTTT

Comments