মাজুলীত অসম জাতীয় পৰিষদৰ প্ৰথম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসঃ সংকল্প শিখা প্ৰজ্বলন…

ডিজিটেল সংবাদ মাজুলীঃ মাজুলীত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। মাজুলী সোনাৰী আটীত অনুষ্ঠিত হৈছে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী।সেই উপলক্ষে মাজুলীত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিন জ্যোতি গগৈসহ কেন্দ্ৰীয় নেতৃত্ব।তেওঁলোকে মাজুলীৰ সোণাৰী আটী মজলীয়া বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰে।
মাজুলীত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা
জাতীয় চেতনা সন্মিলন নামৰ এটি মত বিনিময় কায্যসূচীত অংশগ্ৰহণ কৰে লুৰিন জ্যোতি গগৈসহ কেন্দ্ৰীয় নেতৃত্বই।মাজুলীৰ বিভিন্ন অৰাজনৈতিক দল-সংগঠন, বিশিষ্ট ব্যক্তি, সমাজ সংগঠক, সাংবাদিক, লেখক সকলৰ লগত অনুষ্ঠিত এই মত-বিনিময় কায্যসূচীত তেখেতে বিভিন্ন প্ৰশ্নৰ ওপৰত মন্তব্য দাঙি ধৰে ।
আনহাতে এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখই প্ৰজ্বলিত কৰে সংকল্প শিখা। শুকুৰবাৰে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পতাকা উত্তোলন, শ্বহীদ তৰ্পন,বৃক্ষ ৰোপন, আৰু জাতীয় সংকল্প সমাৰোহ অনুষ্ঠিত হ’ব। অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধি আহি উপস্থিত হৈছেহি মাজুলীত।অনুষ্ঠানত বিশিষ্ট শিল্পী মহেন্দ্ৰ হাজৰিকাও উপস্থিত থাকিব।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/30A5JWB
via IFTTT
Comments
Post a Comment