নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহেৰে নেইফিউ ৰি’অ – হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক…

ডিজিটেল সংবাদ, বেকাজানঃ নাগালেণ্ডৰ ম’ন জিলাৰ অটিঙৰ সেনাৰ গণহত্যাৰ বিৰুদ্ধে নগা জনসাধাৰণৰ তীব্ৰ ধাৰাবাহিক প্ৰতিবাদৰ অন্তত অৱশেষত নাগালেণ্ডৰ পৰা আফস্পা আইন প্ৰত্যাহাৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । দেওবাৰে এক সংবাদমেল যোগে কেন্দ্ৰীয় চৰকাৰৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা সদৰী কৰিছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৱে ।
উল্লেখযোগ্য যে ২০ ডিচেম্বৰৰ নাগালেণ্ড বিধানসভাৰ আফস্পা আইন প্ৰত্যাহাৰ বিশেষ প্ৰস্তাব গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ২৩ ডিচেম্বৰত নেডাৰ আহবায়ক ডঃ হিমন্ত বিশ্ব শৰ্মা , নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ , উপমুখ্যমন্ত্ৰী ৱাই পেট্টন আৰু এফ পি এফৰ নেতা টি আৰ জেলিয়াঙক নতুন দিল্লীলৈ মাতি পঠায় । নাগালেণ্ডৰ মুখ্যমন্ত্ৰী শেহতীয়াকৈ উদ্ভৱ হোৱা পৰিস্থিতি আলোচনা কৰাৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ।
দেওবাৰে ছুমুকেডিমাৰ ছুবিমাত থকা নেইফিউ ৰিঅৰ বাসগৃত উপমুখ্যমন্ত্ৰী ৱাই পাট্টন আৰু নাগা পিপলছ ফ্ৰণ্টৰ নেতা টি আৰ জেলিয়াঙ উপস্থিত থকা যৌথ সংবাদমেলত কেন্দ্ৰীয় চৰকাৰৰ আফস্পা আইন প্ৰত্যাহাৰৰ সিদ্ধান্ত কথা সদৰী কৰে । নেইফিউ ৰিঅৱে কয় যে নাগালেণ্ডত বলৱৎ হৈ থকা আফস্পা আইনৰ প্ৰত্যাহাৰ বাবে এখন নিৰীক্ষণ সমিতিৰ গঠন কৰা হ’ব । উত্তৰ পূৰ্ব অতিৰিক্ত সচিব, কেন্দ্ৰীয় গৃহমন্ত্ৰ্যালয়ৰ মুখ্য সচিব , নাগালেণ্ডৰ ডি জি পি আৰু চি আৰ পি এফৰ প্ৰতিনিধিৰে এখন গঠন কৰা নিৰীক্ষণ সমিতিয়ে ৪৫ দিনৰ ভিতৰত দিয়া প্ৰতিবেদনৰ ভিত্তিত নাগালেণ্ডৰ পৰা আফস্পা আইন প্ৰত্যাহাৰ কৰা হ’ব ।
নেইফিউ ৰিঅৱে সংবাদমেলত কয় –২৩ ডিচেম্বৰত নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত নাগালেণ্ডৰ শেহতীয়াকৈ উদ্ভৱ হোৱা পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰা হয় । বৈঠকত অটিঙৰ ঘটনাৰ পৰিণতিৰ কথা শ্বাহক অৱগত কৰা হয় । ইয়াৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আফস্পা আইন প্ৰত্যাহাৰৰ বাবে এখন নিৰীক্ষণ সমিতি গঠন কৰি ৪৫ দিনৰ ভিতৰত দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিত আফস্পা আইন বাতিলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব সিদ্ধান্ত লয় ।
ৰিঅৱে প্ৰকাশ কৰামতে অটিঙৰ ঘটনাৰ সৈতে পোনপটীয়াকৈ জৰিত সেনাৰ ইউনিট আৰু সেনা জোৱানৰ বিৰুদ্ধে ক’ৰ্ট অৱ ইনকুৱেৰিৰ জৰিয়তে কঠোৰ অনুশাসনমূলক গ্ৰহণ কৰা হ’ব । নিৰেপক্ষ আৰু স্বচ্ছ তদন্ত বাবে চিহ্নিত কৰা সেনা বিষয়া আৰু বিচাৰৰ সন্মুখীন হোৱা সেনা জোৱানসকলক তৎকালীনভাৱে চাকৰিৰ পৰা নিলম্বন কৰা হৈছে । নাগালেণ্ড চৰকাৰে অটিঙৰ সেনাৰ এম্বুশ নিহত নিৰীহ পৰিয়ালৰ ক্ষতিপূৰণ হিচাপে এজনকৈ চৰকাৰী চাকৰি দিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে ।
এই সন্দৰ্ভত ম’ন জিলাৰ উপায়ুক্ত আৰু এছ পিয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব । মন জিলাৰ পৰা সকলো আছাম ৰাইফলছৰ চকী শীঘ্ৰে প্ৰত্যাহাৰৰ কৰা হ’ব । নাগালেণ্ড চৰকাৰে ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকক শান্তিপূৰ্ণ পৰিবেশ বজাই ৰাখিবলৈ আহবান জনায়।
মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৱে অটিঙৰ ঘটনাৰ ন্যায় আৰু সত্য পোহৰলৈ আনিবৰ বাবে নাগৰিক সমাজক গণতান্ত্ৰিক আৰু শান্তি শৃংখলা বজাই ৰাখিবলৈ আহবান জনাই যাতে বিশ্ব সম্প্ৰদায়ৰ আগত নাগালেণ্ডৰ এক যোগাত্মক ছবি বৰ্তি থাকে ।
উল্লেখযোগ্য যে যোৱা ৪ আৰু ৫ ডিচেম্বৰৰ মন জিলাৰ অটিঙ গাঁৱৰ সেনাৰ গণহত্যাৰ পিছতে আফস্পা আইনৰ বিৰুদ্ধে নাগালেণ্ডত ধাৰাবাহিক তীব্ৰ গণ আন্দোলন গঢ়ি উঠাৰ পৰিপ্ৰেক্ষিতত আৰু নাগালেণ্ড চৰকাৰে বিধানসভাত বিশেষ প্ৰস্তাব গ্ৰহণ কৰাৰ পিছতে কেন্দ্ৰীয় চৰকাৰে বিষয়টো গুৰুত্ব প্ৰদান কৰিবলৈ বাধ্য হয় । কিয়নো ২০২৩ চনত নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন আছে ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3JkyRms
via IFTTT
Comments
Post a Comment