আন এক ভল খবৰঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানী ৰূপে নিযুক্তি তিতাবৰৰ অলকেশ কলিতাক….

ডিজিটেল সংবাদ বেকাজানঃ শৈশৱৰ পৰাই সপোন আছিল এগৰাকী বিজ্ঞানী হোৱাৰ। শৈশৱৰ সেই সপোন অৱশেষত বাস্তবত ৰূপায়িত হ’ল সপোন দেখা সেই ল’ৰাটোৰ । সম্প্ৰতি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোত বিজ্ঞানী ৰূপে নিযুক্তি লাভ কৰিছে তিতাবৰৰ মেধাৱী এই মেধাৱী ছাত্ৰগৰাকীয়ে। তিতাবৰৰ এক শৈক্ষিক আৰু সাংস্কৃতিক পৰিবেশত ডাঙৰ দীঘল হোৱা এই গৰাকী মেধাৱী ছাত্ৰই ইছৰোত বিজ্ঞানী ৰূপে নিযুক্তি লাভ কৰাত সমগ্ৰ তিতাবৰত আনন্দৰ লহৰ বৈছে ।
তিতাবৰ তথা অসমলৈ গৌৰৱ কঢ়িয়াই অনা এই মেধাৱী ছাত্ৰ গৰাকী হ’ল অলকেশ কলিতা। তিতাবৰ তিনিআলিৰ মাজগাঁৱৰ মণিকাঞ্চন পথৰ নিবাসী তথা মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পৰাগ কলিতা আৰু তিতাবৰ ঢলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী বৰ্ণালী কলিতাৰ জ্যেষ্ঠ পুত্ৰ অলকেশ কলিতা। অলকেশে অহা ১৫ জানুৱাৰীৰ ভিতৰত ইছৰোত বিজ্ঞানী ৰূপে যোগদান কৰিব।
উল্লেখযোগ্য মেধাৱী ছাত্র অলকেশে তিতাবৰৰ প্ৰাগজ্যোতিকা শিক্ষানুষ্ঠানত অধ্যয়ন কৰি ২০১৪ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯১ শতাংশ নম্বৰ লাভ কৰাৰ লগতে সেইখন শিক্ষানুষ্ঠানত বিজ্ঞান শাখাত অধ্যয়ন কৰি উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৯৪ শতাংশ নম্বৰসহ উত্তীৰ্ণ হৈছিল। ইয়াৰ পাছত আই আই টি জে ই ই পৰীক্ষাত চাৰিহেজাৰ ৰেংকত উত্তীৰ্ণ হৈ আই আই টি অধ্যয়ন নকৰি শিশু কালৰ সপোন বাস্তৱ ৰূপ দিয়াৰ বাবে কেৰলাৰ ইছৰো মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল। ইছৰো মহাবিদ্যালয়খনত পদাৰ্থ বিজ্ঞানত সুৰ্দীঘ ৫ বছৰ অধ্যয়ন কৰি তৃতীয় ৰেংকত উত্তীৰ্ণ হোৱাত মহাবিদ্যালয়খনে পোনপটীয়াকৈ ইছৰোত অলকেশক বিজ্ঞানী ৰূপে নিযুক্তি দিয়ে। যাৰ বাবে অলকেশে অহা ৮ জানুৱাৰীত নিজৰ কৰ্ম জীৱনলৈ যাত্ৰা কৰিব তিতাবৰৰ ঘৰ খনৰ পৰা।
পুত্ৰ অলকেশকৰ এই সফলতাত আনন্দিত হৈ মাতৃয়ে কয় যে অলকেশে শৈশৱৰ পৰা মহাকাশলৈ চাই এটা টেলিস্কোপ কিনি দিবৰ বাবে পিতৃ মাতৃক জেদ ধৰিছিল। যদিও কণমানি পুত্ৰৰ সেই টেলিস্কোপ এটা আমি কিনি দিবৰ বাবে সক্ষম নাছিলো । তথাপি সি গুৰুত্ব দি নিজৰ অধ্যয়ন কৰিছিল। জ্ঞান অন্বেষণৰ প্ৰতি প্ৰবল ধাউতি থকাৰ বাবে তাক কোনো দিনে পঢ়িবলৈ ক’ব লগা হোৱা নাছিল আৰু কোনো বিষয়ত প্ৰাইভেট টিউচন লোৱা নাছিল। আজি মোৰ পুত্ৰৰ শৈশৱৰ সপোন বাস্তৱত পৰিণত হোৱাত আমি সুখী।
ইফালে অলকেশৰ এই সফলতাক লৈ তিতাবৰৰ আছুকে ধৰি কেইবাটাও দল সংগঠন তথা শুভাকাংক্ষী আহি গামোচাৰে শুভেচ্ছা জনাই অলকেশক।তিতাবৰ অগ্ৰণী শিক্ষানুষ্ঠান প্ৰাগজ্যোতিকাৰ সঞ্চালক অচ্যুৎদ্বীপ শইকীয়া আৰু অপূৰ্ব চন্দ্ৰ ডেকাই অলকেশৰ সফলতাক লৈ গৰ্ব অনুভৱ কৰা বুলি উল্লেখ কৰি কয়, তেওঁ আমাৰ শিক্ষানুষ্ঠানৰ এজন মেধাৱী ছাত্ৰ আছিল ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3mtfaim
via IFTTT
Comments
Post a Comment