প্ৰয়াত সত্ৰাধিকাৰৰ স্মৃতিচাৰণ সভাত আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ডঃ পিতাম্বৰ দেৱগোস্বামীৰ গ্ৰন্থ উন্মোচন…

ডিজিটেল সংবাদ, টীয়কঃ সদ্য প্ৰয়াত পটিয়ৰী সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ দেৱ গোস্বামীৰ সোঁৱৰণত শুক্ৰবাৰে এখন স্মৃতিচাৰণ সভা সত্ৰৰ প্ৰাংগনত অনুষ্ঠিত হয় । এই অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰে চাৰিংৰ মনিৰাম দেৱান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তুৱাৰাম খনিকৰে ।
শতায়ু গৰকা সত্ৰাধিকাৰ গৰাকীৰ সোঁৱৰণত জয়ন্ত শইকীয়াৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা “শতায়ু প্ৰদীপ” গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে ঐতিহাসিক আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ড:পীতাম্বৰ দেৱ গোস্বামীয়ে । গ্ৰন্থ খন উন্মোচন কৰি দিয়া ভাষণত সত্ৰাধিকাৰ ড:পীতাম্বৰ দেৱগোস্বামীয়ে প্ৰয়াত জগন্নাথ দেৱগোস্বামীৰ গুন ৰাজি শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে কয় জীৱন কালত এজন লোকে কৰা কৰ্ম ৰাজীৰ বাবে লোকজনক তেওঁৰ মৃত্যুৰ পাছতো মানুহে শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ।
মনুষ্যত্বৰ জীৱন ধাৰণ কৰি যদি এজন লোক যদি সামাজিক নহয় বা সমাজৰ বাবে কোনো কৰণীয় নাই বুলি কেৱল নিজক লৈ ব্যস্ত থাকে স্বাভাৱিকতে তেনে মানৱ জীৱন অসাৰ । মন ৰাজগুৰু আৰু গজেন ভূঞাই আঁত ধৰা এই অনুষ্ঠানত মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড:দেৱজিত শইকীয়াকে ধৰি কেইবাগৰাকী ব্যক্তি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে । উল্লেখযোগ্য যে আউনীআটি সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেবানন্দ দেবগোস্বামীৰ পিতৃ পটিয়ৰী সত্ৰৰ সত্ৰাধিকাৰ গৰাকীৰ ১০২ বছৰ অতিক্ৰম কৰাৰ উপলক্ষত যোৱা ৮ ডিচেম্বৰত অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছিল যদিও ৬ ডিচেম্বৰত তেওঁৰ মৃত্যু হোৱাত এই কাৰ্যসূচী বাতিল কৰিছিল ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3Fa5Ib5
via IFTTT
Comments
Post a Comment