২৬ ডিচেম্বৰৰ পৰা বিহপুৰীয়াত বিধায়ক কাপ ফুটবল প্রতিযোগিতা…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ : ২৬ ডিচেম্বৰৰ পৰা বিহপুৰীয়া বিধান সভা সমষ্টি ভিত্তিত বিধায়ক কাপ প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । বিহপুৰীয়া সমষ্টি বিধায়ক খেল উন্নয়ন সমিতিৰ উদ্যোগত ২৬ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ সমষ্টিটোৰ ৪ টা স্থানত অনুষ্ঠিত হ’ব প্ৰতিযোগিতা খন । মুঠ ১৬ টা ফুটবল দলৰ মাজত অনুষ্ঠিত হ’ব লগা প্রাইজমানি ফুটবল প্রতিযোগিতা খনৰ চুড়ান্ত খেল খন ৬ জানুৱাৰীৰ দিনা নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব ।

সমষ্টিটোৰ বিহপুৰীয়া,নাৰায়ণপুৰ,ধলপুৰ আৰু শিমলুগুৰি খেলপথাৰত অনুষ্ঠিত হ’ব লগা প্রতিযোগিতা খনৰৰ উদ্বোধনী খেল খন বিহপুৰীয়াৰ কটকীবড়ী খেলপথাৰত এক বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে শুভাৰম্ভ কৰিব । অসম চৰকাৰৰ মন্ত্রী যোগেন মহনে উদ্বোধন কৰিবলগা উক্ত শুভাৰম্ভণি অনুষ্ঠানত বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড.অমিয় কুমাৰ ভূঞা,লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত চাটোৱানৰ উপৰিও বহু কেইগৰাকী বিশিষ্ট নাগৰিক উপস্থিত থাকিব ।

ইতিমধ্যে প্ৰতিযোগিতা খন সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে আয়োজক সমিতিয়ে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে । প্ৰতিযোগিতা খনত বিহপুৰীয়া সমষ্টিৰ ক্ৰীড়া প্ৰেমী সকলৰ লগতে সমুহ ৰাইজৰ উপস্থিতি তথা সহযোগিতা কামনা কৰিছে আয়োজক সমিতিৰ যুটীয়া সম্পাদক ৰূপক বৰা আৰু খগেন হাজৰিকাই ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3JbfEDD
via IFTTT

Comments