ডিজিটেল ইণ্ডিয়াৰ যুগত নেটৱৰ্ক বিজুতিৰ বাবেই মাহৰ পাছত মাহ ধৰি বেংকৰ পৰা উলিয়াব পৰা নোৱাৰে ধন…

ডিজিটেল সংবাদ মঙলদৈঃ এয়া ডিজিটেল ইণ্ডিয়াৰ যুগ। ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতিটো দিশতে ডিজিটেল ইণ্ডিয়াৰ শ্লোগান দিয়ে। বেংকৰ লেনদেন ডিজিটেল মাধ্যমৰ জৰিয়তে সমাপন কৰিবলৈ আহ্বান জনোৱাৰ সময়তে মঙলদৈত MGNRGA ৰ শ্ৰমিক সকলে দিনৰ দিনটো কষ্ট কৰাৰ পিছতো নাপাই মাহ মাহ ধৰি মজুৰিৰ ধন।

মঙলদৈত অসম গ্ৰামীণ বিকাশ বেংকৰ শাখা আৰু গ্ৰাহক সেৱা কেন্দ্ৰত দিনৰ দিনটো ঠিয় হৈ থকাৰ পাছতো মাহৰ পিছত মাহ ধৰি বেংকৰ নেটৱৰ্ক বিজুতিৰ বাবে শ্ৰমিক সকলে নাপায় মজুৰিৰ ধন।আপোনাৰ কষ্ট উপাৰ্জিত ধন যদি অসম গ্ৰামীণ বিকাশ বেংকত জমা ৰাখিছে তেনেহ’লে আপোনাৰ ঘৰৰ কাৰোবাৰ অসুখ আজাৰ হ’লে, কিবা সকাম পাতিবলৈ, গৰ্ভৱতী তিৰোতাজনীক চিকিৎসালয়ত ভৰ্তি কৰিবৰ বাবে বা ল’ৰা ছোৱালীৰ পঢ়াৰ খৰচৰ বাবে বেংকৰ পৰা উলিয়াব বিছাৰিলে ডিজিটেল ইণ্ডিয়াৰ যুগত আপুনি সপ্তাহৰ প্ৰতিটো দিন ,আনকি মাহদিন ধৰি বাট কুৰি বাই অহা যোৱা কৰিব লাগিব বেংক বা চি এছ পি চেন্টাৰলৈ।লাইনত ঠিয় হৈ থাকিব লাগিব দিনৰ পিছত দিন।

এয়া আমি কোৱা কথা নহয়, এয়া মঙলদৈৰ অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহকৰ অভিযোগ। সোমবাৰে এনে অভিযোগত মঙলদৈস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ শাখা পৰিচালকক ঘেৰাও কৰি হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে মঙলদৈ নিকটবৰ্তী গেৰিমাৰীস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ শাখা চি, এছ, পি চেন্টাৰৰ পৰা অহা শতাধিক গ্ৰাহকে।

আনহাতে গ্ৰাহকক মাহৰ পিছত মাহ সেৱা আগবঢ়াব নোৱাৰি খোদ চি, এছ, পি চেন্টাৰটিৰ বেংক মিত্ৰ মুকুট নাথেও অভিযোগ দাখিল কৰাৰ উপৰিও অব্যাহতি প্ৰত্ৰ দাখিল কৰে উৰ্ধতম কতৃপক্ষৰ হাতত। অভিযোগ অনুসৰি বাৰম্বাৰ বেংক মিত্ৰ গৰাকীয়ে উৰ্ধতম কতৃপক্ষক সেৱা সুচল কৰিবলৈ জনায় আহিছে যদিও বেংকৰ উৰ্ধতম কতৃপক্ষই কোনো দায়িত্ব নোলোৱাত সোমবাৰে এনে পৰিস্থিতিৰ সন্মুখীন হয়।

অসম গ্ৰামীণ বিকাশ বেংক মঙলদৈ শাখাৰ শাখা পৰিচালকে জনোৱা মতে চলিত বৰ্ষৰ ২৮ আগষ্ট তাৰিখৰ পৰা বেংকৰ শাখা আৰু চি এচ পি সমূহত এই সমস্যা হৈ আছে, বেংকৰ নতুন চফ্টৱেৰ ব্যৱহাৰ কৰাৰ বাবে এনে হোৱা বুলি শাখা পৰিচালক গৰাকীয়ে কয়। লগতে কেতিয়া এই সমস্যা সমাধান হ’ব তাৰ উত্তৰ কাৰোৰেই হাতত নাই বুলি দায় সৰা মন্তব্য কৰে শাখা পৰিচালক গৰাকীয়ে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3mnwCVs
via IFTTT

Comments