দেশৰ ১৭খন ৰাজ্যত অমিক্ৰ’ণ, আক্ৰান্তৰ সংখ্যা ৪২২লৈ বৃদ্ধি…

ডিজিটেল ডেস্কঃ দেশত অমিক্ৰ’ণত আক্ৰান্তৰ সংখ্যা ৪২২গৰাকীলৈ বৃদ্ধি পাইছে। দেশৰ ১৭খন ৰাজ্যলৈ বিয়পি পৰিছে অমিক্ৰ’ণৰ সংক্ৰমণ। শেহতীয়াকৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰিছে এই তথ্য। ইতিমধ্যে ১৭০গৰাকীকৈ ৰোগী এই অমিক্ৰ’ণৰ পৰা মুক্ত হৈ ঘৰলৈ উভতিছে।

ইফালে বিগত ২৪ঘন্টাত কোৰোনাত আক্ৰান্ত হৈছে ৬হাজাৰ ৯৮৭গৰাকীকৈ লোক। ৭হাজাৰ ৯১গৰাকী ৰোগী এই সময়চোৱাত সুস্থ হৈ ঘৰলৈ উভতিছে। এই সময়চোৱাত ১৬২গৰাকীকৈ ৰোগীৰ মৃত্যু হৈছে। উল্লেখ্য যে, দেশত এতিয়ালৈকে ১৪১কোটিৰো অধিক লোকক প্ৰদান কৰা হৈছে ভেকচিন।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3mAcMqe
via IFTTT

Comments