সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ ধেমাজি জিলা সমিতিৰ সংবাদ মেলঃ বিদ্যালয়ৰ বিৰতিৰ সময়ত কৰিব প্ৰতিবাদ…

ডিজিটেল সংবাদ ধেমাজিঃ সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজ ধেমাজি জিলা সমিতিয়ে শিক্ষক সকলৰ সমস্যা সমাধানৰ দাবীত বুধবাৰে বিয়লি ২ বজাত ধেমাজি প্ৰেছ ক্লাৱত এখনি সংবাদ মেল অনুষ্ঠিত কৰে ৷ সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজ ধেমাজি জিলা সমিতিৰ সভাপতি হৰিপ্ৰসাদ বৰগোহাঁইয়ে সংবাদমেলৰ আঁত ধৰে ৷ সংবাদ মেলত সৰ্বশিক্ষাৰ অধীনৰ শিক্ষকসকলক বিনাচৰ্তে চাকৰী নিয়ামীয়াকৰন কৰা, নিয়ামীয়াকৰন নোহোৱা পৰ্যন্ত ২০১৯ চনৰ ১ জুলাইৰ কেবিনেট সিদ্ধান্তৰ নিৰ্দেশনা অনুসৰি নিয়ামীয়া শিক্ষকৰ মৰ্যাদা প্ৰদানৰ সমহাৰত সকলো সুবিধা প্ৰদান কৰা উপৰিও ২০১৯ চনৰ জুলাই মাহৰ পৰাই পৰ্যায়ক্ৰমে ৫ শতাংশ, ১১ শতাংশ আৰু ৩ শতাংশৰ মুঠ ১৯ শতাংশ বকেয়াসহ শীঘ্ৰেই মুকলি কৰি দিবলৈ সংবাদমেল চৰকাৰলৈ দাবী জনাইছে৷

সংবাদমেলত জিলা সমিতিৰ সভাপতিগৰাকীয়ে প্ৰকাশ কৰা অনুযায়ী সৰ্বশিক্ষাৰ অন্তৰ্গত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকলক বিগত ৩০ মাহ ধৰি তিনিটাকৈ বৰ্দ্ধিত মৰগীয়া বানচৰ পৰা বঞ্চিত হৈ থকাৰ উপৰিও নতুন পেঞ্চন আঁচনি , চাৰ্ভিছবুক, মৃত্যুকালীন সুবিধা , শিক্ষক বঁটা, এম এ চি পি এচ , আপোন ঘৰ ঋন আদি আজিও লাভ কৰিবলৈ সক্ষম হোৱা নাই এই শিক্ষকসকলে ৷

একেই শিক্ষা, বিভাগটোৰ একেই শিক্ষক হিচাপে স্বীকৃতি দিয়াৰ বিপৰীতে নিয়ামীয়া শিক্ষকসকলে ৩১ শতাংশ মৰগীয়া বানচ পোৱাৰ বিপৰীতে এই সৰ্বশিক্ষাৰ শিক্ষক সকলে মাত্ৰ ১২ শতাংশ মৰগীয়া বানচহে লাভ কৰিছে ৷ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ কেন্দ্ৰীয় সমিতিৰ সৈতে বিভাগীয় মন্ত্ৰীৰ আনুষ্ঠানিক , অনানুষ্ঠানিকভাৱে বহুকেইবাৰ আলোচনা হোৱাৰ পিছতো প্ৰতিশ্ৰুতিৰ বাহিৰে কাৰ্য্যক্ষেত্ৰত শিক্ষকসকলে আজিপৰ্যন্ত কোনোধৰনৰ ফলবৰ্তী হোৱা নাই বুলি সংবাদমেলত সমিতিৰ বিষয়ববীয়া সকলে বক্তব্যত আক্ষেপ কৰে ৷

বুধবাৰে অনুষ্ঠিত হোৱা সংবাদমেলৰ জৰিয়তে সংগঠনটোৰ বিষয়ববীয়াসকলে মুখ্যমন্ত্ৰীৰ পোনপটীয়া হস্তক্ষেপৰ দাবী কৰিছে ৷অন্যথা আগুন্তুক দিনত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ ধেমাজি জিলা সমিতিয়ে ব্যাপক গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল প্ৰতীম চাংমাইয়ে অৱগত কৰে ৷ সম্পাদক চাংমাইয়ে উল্লেখ কৰামতে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে ২৩ ডিচেম্বৰত জিলাখনৰ প্ৰত্যেকখন বিদ্যালয়ৰ প্ৰতিজন শিক্ষককেই দিনৰ ১২-১৫ বজাত বিদ্যালয়ৰ বিৰতিৰ সময়ত চাকৰী নিয়ামীয়াকৰন কৰা , ২০১৯ পৰা বৰ্দ্ধিত মৰগীয়া বানচ সমূহ আদায় দিয়া ,বদলিকৰন আইন সংশোধন কৰা ,আদি শ্লো’গানেৰে প্লে’- কাৰ্ড হাতত লৈ প্ৰত্যেকেই নিজৰ নিজৰ ব্যক্তিগত ফেচবুকৰ মাধ্যমত আপলোড কৰা লগতে এই ফেচবুক আপলোডত ৰাজ্যৰ শিক্ষা মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ফেচবুকৰ সৈতে টেক কৰিব বুলি উল্লেখ কৰে ৷

সংবাদমেলত জিলা বিষয়ববীয়া সকলৰ উপৰিও বৰদলনি খণ্ড সমিতিৰ সভাপতি সৰ্বেশ্বৰ চেত্ৰী , ধেমাজি খণ্ড সমিতিৰ সভাপতি ৰিকু বৰা, মুকংচেলেক খণ্ড সমিতিৰ সভাপতি ভূপেন বৰুৱা উপৰিও নৱ নিৰ্বাচিত জিলা সমিতিৰ সম্পাদকদ্বয় ৰেৱট শইকীয়া আৰু লোহিত ফুকনেও উপস্থিত থাকে ৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3H4PLn1
via IFTTT

Comments