জামিন বিচাৰি উচ্চ ন্যায়ালয়ত মৃদুপৱন নেওগৰ আবেদন…

ডিজিটেল ডেস্কঃ আৰক্ষীয়েও বিচাৰি নোপোৱা মহাপ্ৰৱঞ্চক মৃদুপৱন নেওগক জামিন লাগে। গুৱাহাটী উচ্চ ন্যায়ালয়ত নেওগে দাখিল কৰিছে জামিন আবেদন। এই আবেদনৰ শুনানি হ’ব ১৭ ডিচেম্বৰত। উল্লেখ যোগ্য যে নগাঁৱৰ এক গোচৰৰ ভিত্তিত নগাওঁ আৰক্ষীয়ে নেওগৰ বিৰুদ্ধে কাহিলীপাৰাত থকা তেওঁৰ বাসগৃহত অভিযান চলাইছিল।

সেই অভিযানৰ সময়ত পিষ্টলকে ধৰি বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। ৰহস্যজনকভাৱে আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিছিল এই প্ৰৱঞ্চকগৰাকীয়ে। বিভিন্ন ক্ষমতাশালী লোকৰ সৈতে সম্পৰ্ক থকা বুলি প্ৰচাৰ কৰি প্ৰৱঞ্চনাৰ জাল মেলিছিল মৃদুপৱন নেওগ নামৰ প্ৰৱঞ্চকটোৱে।

তাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে নেওগ। নগাও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাই নেওগৰ সন্দৰ্ভত দুদিনৰ পূৰ্বে তাৎপয্যজনক মন্তব্য কৰিছিল। আৰক্ষীৰ বিৰুদ্ধে প্ৰশ্ন উঠিছিল যে কিয় এই প্ৰৱঞ্চকটোৰ সন্ধান আৰক্ষীয়ে উলিয়াব পৰা নাই?



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3efS7TT
via IFTTT

Comments