চলায় এখন পুৰণা স্কুটাৰ, ১০টকীয়া শিখৰ বিক্ৰী কৰি পীয়ুষে ঘৰত লুকুৱাই ৰাখিছিল ২০০কোটিৰো অধিক টকা…

ডিজিটেল ডেস্কঃ পীয়ুষ জৈন নামৰ ব্যৱসায়ীজনৰ ঘৰত আয়কৰ বিভাগে অভিযান চলাই ২০০কোটিৰো অধিক টকা জব্দ কৰিছিল। তেওঁৰ ঘৰ, কাৰ্যালয়ৰ পৰা উদ্ধাৰ কৰা ধন-সম্পত্তি দেখি চকু কপালত উঠিছিল অভিযানকাৰী বিষয়াৰ। পূৰ্বতে এজন সাধাৰণ ব্যৱসায়ী আছিল পীয়ুষ। এদিন তেওঁ এখন পুৰণা স্কুটাৰ লৈ বিক্ৰী কৰি ফুৰিছিল পাৰফিউম। তাৰ পাছত পাণ মচলাৰ ব্যৱসায়ত হাত দি কোটি কোটি টকাৰ গৰাকী হৈছিল পীয়ুষ জৈন।
পীয়ুষৰ বাসগৃহৰ পৰাই ১৯৪কোটিৰো অধিক টকা অভিযানত উদ্ধাৰ হৈছিল। যিবোৰ গণি শেষ কৰিব পৰা নাছিল অভিযানকাৰী দলে। ফেক্টৰীৰ পৰা উদ্ধাৰ হৈছিল কোটি কোটি টকা।ডুবাইত আছে বহুকোটি টকাৰ সম্পত্তি। তেওঁঁ বাসগৃহৰ পৰা ১৭৭কোটি টকা উদ্ধাৰ হোৱাৰ উপৰিও ফেক্টৰীৰ পৰাও উদ্ধাৰ হৈছে ১৭কোটি টকা।
৬দিন ধৰি চলাব লগা হৈছিল এই অভিযান। জৈনৰ বাসগৃহৰ পৰা উদ্ধাৰ হোৱা সোণৰ পৰিমাণ ২৩কেজি। ইয়াৰ উপৰিও ৬০০কেজি চন্দন গছৰ তেল উদ্ধাৰ হৈছে ব্যৱসায়ীজনৰ ফেক্টৰীৰ পৰা। তেওঁৰ ভায়েক অম্বৰীশ জৈন পাৰফিউম প্ৰস্তুত কৰা এটা কোম্পানীৰ মালিক। জি এছ টি ইন্টিলেজেন্সৰ চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত শিখৰ পাণ-মচলাৰ বাসগৃহত চলিছিল এই অভিযান।
পুৰণি স্কুটাৰখন এতিয়াও চলাই ফুৰে পীয়ুষে। কোনেও বিশ্বাস কৰিব নোৱাৰে যে, স্কুটাৰ লৈ ঘূৰি ফুৰা এই লোকজনৰ বাসগৃহত লুকুৱাই থোৱা আছিল শ শ কোটি টকা।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3z2Yi7b
via IFTTT
Comments
Post a Comment