দিল্লীৰ ৰোহিনী আদালতত বোমা বিস্ফোৰণত জড়িত ডি আৰ ডি অ’ৰ বিজ্ঞানীৰ আত্মহত্যাৰ চেষ্টা…

ডিজিটেল ডেস্কঃ দিল্লীৰ ৰোহিনী আদালতত বিস্ফোৰণ সংঘটিত হোৱা ঘটনাৰ অভিযুক্ত ডি আৰ ডি অ’ৰ বিজ্ঞানীৰ আৰক্ষীৰ জিম্মাতে আত্মহত্যাৰ চেষ্টা চলোৱা বিষয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে। বোমা বিস্ফোৰণৰ গোচৰত অভিযুক্ত ভাৰত ভূষণ কাটাৰিয়া নামৰ ডি আৰ ডি অ’ৰ বৈজ্ঞানিকগৰাকী চুবুৰীয়া অধিবক্তাক হত্যাৰ ষড়যন্ত্ৰৰ বাবে আৰক্ষীৰ জিম্মাত আছে। শনিবাৰে গ্ৰেপ্তাৰ কৰা ভাৰত ভূষণে বিষাক্ত পদৰ্থ খাই আত্মহত্যাৰ চেষ্টা চলাই।
আত্মহত্যাৰ চেষ্টা কৰা ভাৰত ভূষণক আৰক্ষীয়ে ৱাছৰুমত অচেতন অৱস্থাত উদ্ধাৰ কৰিছে। ইয়াৰ পিছতে তেওঁক ওচৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। পৰৱৰ্তী সময়ত তেওঁক এইমছলৈ প্ৰেৰণ কৰা হৈছে। অভিযোগ অনুসৰি কাটাৰিয়াই ৯ ডিচেম্বৰত ৰোহিনী আদালতত বিস্ফোৰণ সংঘটিত কৰিছিল। তেওঁৰ ঘৰৰ পৰা বিস্ফোৰক সামগ্ৰীও উদ্ধাৰ কৰা হৈছে। তেওঁক দিল্লী আৰক্ষীৰ বিশেষ কোষে সোধা-পোছা কৰি আছিল।
এজন জ্যেষ্ঠ বিষয়াই সদৰি কৰা মতে ভাৰত ভূষণ কাটাৰিয়াই জেৰা এৰাই চলিবলৈ চেষ্টা কৰিছে আৰু আৰক্ষীক বিপথে পৰিচালিত কৰিছে। চিকিৎসকে জনোৱা মতে তেওঁ হেণ্ডৱাছ খাইছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3Ff8Hiv
via IFTTT
Comments
Post a Comment