আজি লোকশিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ ১৯সংখ্যক মৃত্যু দিৱস…

ডিজিটেল ডেস্কঃ প্ৰখ্যাত লোক সংগীত শিল্পী প্ৰয়াত প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি ১৯ সংখ্যক মৃত্যু বাৰ্ষিকী। অসমীয়া গোৱালপৰীয়া লোক সংগীতৰ অন্যতম সাধক প্ৰতিমা বৰুৱা পাণ্ডেয়ে ২০০২ চনৰ ২৭ ডিচেম্বৰৰ দিনটোতে স্বৰ্গগামী হৈছিল। তেওঁৰ মৃত্যু দিৱস উপলক্ষ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ।

১৯৩৫ চনৰ ৩ অক্টোবৰত কলকতাত জন্মগ্ৰহণ কৰিছিল প্ৰতিমা বৰুৱা পাণ্ডেয়ে। তেওঁ আছিল ধুবুৰীৰ গৌৰীপুৰীয়া ৰাজপৰিয়ালৰ জীয়াৰী। পিতৃৰ নাম আছিল প্ৰকৃতিশ বৰুৱা। ‘দেৱদাস’ খ্যাত প্ৰমথেশ চন্দ্ৰ বৰুৱা আছিল প্ৰতিমা পাণ্ডেৰ খুৰাক। কলিকতাৰ ‘গোখলে মেম’ৰিয়েল স্কুল’ত আৰু পিছলৈ তেওঁ ‘গৌৰীপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়’ত শিক্ষা লাভ কৰে। অৱশ্যে বিদ্যালয়ত ৰবীন্দ্ৰ সঙ্গীতৰ শিক্ষা লাভৰ বাহিৰে প্ৰতিমা বৰুৱা পাণ্ডেৰ নাছিল কোনো আন আনুষ্ঠানিক শিক্ষা।

১৯৫৬ চনত ড০ ভূপেন হাজৰিকা পৰিচালিত ‘এৰা বাটৰ সুৰ’ চলচ্চিত্ৰখনত দুটা গীতত কণ্ঠদান কৰে প্ৰতিমা বৰুৱা পাণ্ডেয়ে। সেয়াই আছিল সঙ্গীতৰ মূল জগতত তেওঁৰ প্ৰথম খোজ। ১৯৫৭ চনত ভাৰতীয় গণনাট্য সংঘৰ অধিবেশনত গুৱাহাটীৰ জজ খেলপথাৰত তেওঁ প্ৰথমবাৰৰ বাবে ভূপেন হাজৰিকা, হেমাংগ বিশ্বাস, দিলীপ শৰ্মা আদি প্ৰখ্যাত শিল্পীৰ সৈতে একেলগে গীত পৰিবেশন কৰে।

১৯৬২ চনত অল ইণ্ডিয়া ৰেডিঅ’ত প্ৰতিমা বৰুৱা পাণ্ডেয়ে পৰিৱেশন কৰা ‘হস্তীৰ কন্যা’ শীৰ্ষক গোৱালপৰীয়া লোকগীতটোৱে তেওঁক শ্ৰোতাৰ কাষ চপাই নিয়ে। তাৰ পৰৱৰ্তী সময়ত তেওঁ ‘কেনেহে ৰাধিব তোৰ বিৰহ মন’ আৰু ‘একেবাৰ হৰি বোল মন ৰচনা’ লোকগীত পৰিৱেশন কৰি শ্ৰোতাৰ মনত ঠাই দখল কৰিবলৈ সক্ষম হয়। ১৯৭৬ চনত প্ৰতিমা বৰুৱা পাণ্ডেক অল ইণ্ডিয়া ৰেডিঅ’ই অনাঁতাৰ শিল্পীৰূপে স্বীকৃতি প্ৰদান কৰে। ইয়াৰ পূৰ্বে ১৯৭৫ চনত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ উদ্যোগত কলকতাত লোক সংগীত বাণীবন্ধন কৰি এগৰাকী লোকশিল্পীৰূপে প্ৰতিষ্ঠা লাভ কৰে।

গোৱালপৰীয়া লোক সংগীতলৈ প্ৰতিমা বৰুৱা পাণ্ডেয়ে আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ১৯৯১ চনত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটা আগবঢ়ায়। ১৯৮৮ চনত প্ৰতিমা বৰুৱা পাণ্ডেয়ে লাভ কৰে সংগীত নাটক অকাডেমী বঁটা। ইয়াৰোপৰিও প্ৰতিথযশা লোকশিল্পীগৰাকীয়ে ‘ডি লিট উত্তৰ বংগ বিশ্ববিদ্যালয় সন্মান, অসম শিল্পী দিৱস বঁটা, জয়মতী বঁটা, বিষ্ণুৰাভা বঁটা, অসম নাট্য সমিতি বঁটা, ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ প্ৰশস্তি পত্ৰ, অব্বাছুদ্দিন মেম’ৰিয়েল বঁটা আদি কেইবাটাও বঁটা আৰু সন্মান লাভ কৰে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3EtHRC4
via IFTTT

Comments