বিৰিণা গোষ্ঠী অসমৰ “বিৰিণা বৈভৱ”ত কবি সনন্ত তাঁতিক স্মৰণ…

ডিজিটেল সংবাদ দৌলাশালঃ অসমৰ অন্যতম সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী, অসমে শনিবাৰে সন্ধিয়া নলবাৰী জিলাৰ দৌলাশালস্থিত জলসম্পদ বিভাগৰ পৰিদৰ্শন বঙলাত গোষ্ঠীটোৰ ডিচেম্বৰ মাহৰ সাহিত্য আলাপ “বিৰিণা বৈভৱ” আৰু সদ্য প্ৰয়াত কবি সনন্ত তাঁতিৰ “স্মৃতিচাৰণ” অনুষ্ঠান অনুষ্ঠিত কৰে । গোষ্ঠীটোৰ কেন্দ্ৰীয় সভাপতি লীলাধৰ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত “বিৰিণা বৈভৱ” আৰু “স্মৃতিচাৰণ” অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে ৷ অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে বিৰিণা গোষ্ঠী অসমৰ উপ-সভাপতি তথা চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়াই ।

সদ্য প্ৰয়াত সনন্ত তাঁতিৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বিৰিণা গোষ্ঠী অসমৰ উপদেষ্টা ৰোহিণী কুমাৰ দাসে । সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে বিশিষ্ট সমাজসেৱক দীপক দাসে । অনুষ্ঠানটোত ৰোহিণী কুমাৰ দাস, জিয়াউৰ ৰহমান, খনীন পাঠক,দীপক দাস, বসন্ত ঠাকুৰীয়াই সদ্য প্ৰয়াত কবি সনন্ত তাঁতিক স্মৰণ কৰি তেখেতৰ সৃষ্টিৰাজিৰ লগতে জীৱন- দৰ্শন সম্পৰ্কত আলোকপাত কৰাৰ লগতে নলবাৰী আৰু বৰপেটা জিলাৰ জেহেৰুল ইছলাম, ৰমনী নাথ, সুৰজিৎ পাঠক, ছাহজাহান আলী, বাবুল বণিক্য, ললিতা দাস, শ্যামলিমা বনিক্য, জয়ন্ত ডেকা, আতিকুৰ ৰহমান, খঞ্জনজ্যোতি পাঠক, চেলিম মালিক, পংকজ বৰ্মন, কুলদ্বীপ পাঠক, অঞ্জন বৰ্মন, বনজিৎ বৈশ্য, সূৱৰ্ণা বৈশ্য, দিলীপ তালুকদাৰ, নৱ কুমাৰ কলিতা, ৰূপাঞ্জলি চৌধুৰী, চানবৰ আলী, দেৱজিৎ নাথ, মনজিৎ বৰ্মনকে আদি কৰি কেইবাগৰাকী নবীন-প্ৰবীন কবিয়ে গীত- কথা-কবিতাৰে অনুষ্ঠানটোক জীপাল কৰি তোলে ।

বিৰিণা গোষ্ঠী অসমে বৰ্ষপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰি অহা ‘বিৰিণা সাহিত্য বঁটা’ আৰু ‘বিৰিণা সংবাদ প্ৰহৰী বঁটা’ প্ৰাপকৰ নাম উক্ত সভাতেই ঘোষণা কৰা হয় । ২০২২ বৰ্ষৰ বিৰিণা সাহিত্য বঁটাৰ বাবে বিশিষ্ট সাহিত্যিক-গৱেষক ড০ দয়ানন্দ পাঠক আৰু বিৰিণা সংবাদ প্ৰহৰী বঁটাৰ বাবে বিশিষ্ট সাংবাদিক তথা নিউজ১৮ নৰ্থ-ইষ্ট চেটেলাইট চেনেলৰ এচোছিয়েট এডিটৰ তুলিকা দেৱীৰ নাম নিৰ্বাচন কৰা হয় । উক্ত বঁটা দুটা অহা ৩০ জানুৱাৰীত নলবাৰী জিলাৰ দৌলাশালত অনুষ্ঠিত হ’বলগীয়া বিৰিণা গোষ্ঠী অসমৰ সপ্তম বৰ্ষপূৰ্ণ অনুষ্ঠানৰ মুকলি সভাত প্ৰদান কৰা হ’ব বুলি গোষ্ঠীটোৰ সভাপতি লীলাধৰ পাঠক আৰু সম্পাদক তফিকুৰ ৰহমানে জানিবলৈ দিয়ে। শলাগৰ শৰাই আগবঢ়াই বিৰিণা গোষ্ঠী অসমৰ সহযোগী সম্পাদক ৰমনী নাথে । অসম সংগীত পৰিৱেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে ৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3siUr4o
via IFTTT

Comments