ডিব্ৰুগড়ৰ SP শ্বেতাংগ মিশ্ৰক দ্বিতীয় সুবোধ বিশ্বাসৰ সৈতে তুলনা শংকৰজ্যেতি বৰুৱাৰ…

ডিজিটেল ডেস্কঃ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যেতি বৰুৱাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতে ডিব্ৰুগড় প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে আছু নেতাগৰাকীয়ে। এখন সংবাদংমেল সম্বোধন কৰি বৰুৱাই কয় যে, ডিব্ৰুগড়ৰ SP শ্বেতাংগ মিশ্ৰক দ্বিতীয় সুবোধ বিশ্বাস। শ্বহীদ বেদীত জোতা পিন্ধি জাতীয় শ্বহীদক অপমান কৰিছে SPয়ে।

আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে আছুক উদ্দেশ্যি SP শ্বেতাংগই অশ্লীল আৰু জাতিগত গালি পৰাৰ অভিযোগো তোলে। উল্লেখ্য যে, ডিব্ৰু মহাবিদ্যালয়ৰ এক সংঘাতৰ ঘটনাক লৈ সূত্ৰপাত হৈছিল এই বিৰ্তকৰ।

আছু কৰ্মীৰ ওপৰত আৰক্ষীৰ বৰ্বৰতাৰ অভিযোগ উত্থাপন কৰি শীঘ্ৰেই আছু কৰ্মীক মুকলি কৰি দিয়াৰ দাবীৰে২৪ ঘণ্টীয়া ডিব্ৰুগড় আৰু তিনিচুকীয়া বন্ধ আহ্বান কৰিছিল আছুয়ে। তাৰ পিছতে ডিব্ৰুগড় প্ৰশাসনে আছুৰ সাধাৰণ সম্পাদক গৰাকীলৈ প্ৰেৰণ কৰিছিল জাননী।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3Ex1XLI
via IFTTT

Comments