দেশৰ ভাঙি পৰা অৰ্থনীতিক কিদৰে উদ্ধাৰ কৰিব পাৰি? দেশৰ শীৰ্ষ অৰ্থনীতিবিদৰে বিত্তমন্ত্ৰীৰ বৈঠক….

ডিজিটেল ডেস্কঃ কোৰোনা কেন্দ্ৰিক পৰিস্থিতিয়ে দেশৰ অৰ্থ ব্যৱস্থা দুৰ্বল কৰি তুলিলে। এতিয়াও ভাঙি পৰা অৰ্থ ব্যৱস্থাক পুনৰ সুস্থিৰ কৰিব পৰা নাই। আৰু মাত্ৰ কেইটামান দিনৰ পিছতে সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পৰৱৰ্তী বিত্তীয় বৰ্ষৰ বাবে বাজেট উত্থাপন কৰিব। সেয়েহে এই সময়ত দেশৰ বিত্তীয় পৰিস্থিতি আৰু এই পৰিস্থিতিৰ পৰা কিদৰে দেশক উদ্ধাৰ কৰি আগুৱাই যাব পাৰি সেই বিষয়ে গভীৰ ভাৱে চিন্তা চৰ্চা কৰি পৰৱৰ্তী বাজেট প্ৰস্তুত কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ।
এনে এক উদ্দেশ্য আগত ৰাখিয়েই বাজেট প্ৰস্তুতৰ পূৰ্বে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বুধবাৰে বিয়লিু দেশৰ মুখ্য অৰ্থনীতিবিদসকলৰ সৈতে বাজেট সম্পৰ্কীয় এক আলোচনাত মিলিত হ’ব। বিত্তমন্ত্ৰালয়ে এক বিবৃতিৰ জৰিয়তে এই কথা অৱগত কৰিছে। এই আলোচনাত কোৰোনা কেন্দ্ৰিক পৰিস্থিতিৰ ফলত ভাঙি পৰা অৰ্থনীতিৰ কিদৰে উন্নতিৰ ব্যৱস্থা কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিব।
এই আলোচনাৰ পিছতে বিত্তমন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী বাজেটৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে আগন্তুক ১ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পৰৱৰ্তী বিত্তীয় বৰ্ষৰ বাবে সংসদত বাজেট পাঠ কৰাৰ সম্ভাৱনা আছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/30ObhwO
via IFTTT
Comments
Post a Comment