শৰীৰ চর্চাৰে উজ্বলি উঠিছে মঙলদৈৰ পূজা…

ডিজিটেল সংবাদ, মঙলদৈঃ ইংৰাজী নতুন বছৰৰ প্ৰাকখনত মঙলদৈত এগৰাকী যুৱতী ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে শৰীৰ চর্চাৰে। ৰাষ্ট্ৰীয় পৰ্য্যায়ত সোণৰ পদক বুটলিবলৈ সক্ষম হৈছে এই গৰাকী মঙলদৈ বানিজ্য মহাবিদ্যালয়ৰ ষষ্ঠ সন্মাষিকৰ ছাত্ৰী তথা মঙলদৈৰ তিনি নং ওৱাৰ্ডৰ ছোৱালী পূজা ঘোষ । পুজাই প্ৰথমতে শকত থকাৰ বাবে ব্যায়াম কৰিবলৈ আৰম্ভ কৰিছিল যদিও শৰীৰ চৰ্চাৰ বিভিন্ন ভিডিঅ’অনলাইন চাই চাই শৰীৰ চৰ্চাৰ প্ৰতি আগ্ৰহী হৈ উঠে। শেহতীয়া ভাৱে পুজাই গুৱাহাটীত অনুষ্ঠিত হোৱা WFF Classic খেলত সোণৰ পদক লাভ কৰাৰ পিছত গোৱাত অনুষ্ঠিত IFA Akram Classicত সোণৰ পদক দখল কৰি ৰাজ্যৰ লগতে জিলাখনলৈ সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে ।
মঙলদৈৰ দৰে সৰু এখন চহৰৰ পৰা গৈ শৰীৰ চৰ্চা কৰাৰ ক্ষেত্ৰত প্ৰথমতে আত্মীয়ৰ পৰা যথেষ্ট তুচ্ছ তাচ্ছিল্যৰ সন্মুখীন হৈছিল পূজা ঘোষ। কিন্তু পিতৃ-মাতৃৰ পৰা পোৱা প্ৰেৰণাৰ আৰু নিজস্ব আত্ম বলৰ বাবেই এনে সফলতা লাভ কৰাৰ লগতে আগন্তুক দিনত দেশৰ হৈ আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত খেলাৰ লগতে অসমীয়া গামোচা খনক আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত উৰুৱাবলৈ ইচ্ছা প্ৰকাশ কৰে । উল্লেখযোগ্য যে, শৰীৰচৰ্চাবিদ অচ্যুত কলিতাৰ পৰা অনলাইন যোগে শৰীৰচৰ্চাৰ প্ৰশিক্ষণ লৈ আছে পূজাই ।পূজাৰ এই সাফল্যত ৰাজ্যখনৰ লগতে জিলাখনত আনন্দৰ জোৱাৰ উঠিছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3H7i1W6
via IFTTT
Comments
Post a Comment