এসপ্তাহৰ ভিতৰত চিৰাং জিলাৰ বাসুগাঁও চহৰত দ্বিতীয়টো অগ্নিকাণ্ডৰ ঘটনা…

ডিজিটেল সংবাদ, চিৰাংঃ যোৱা এটা সপ্তাহৰ ভিতৰত চিৰাং জিলাৰ বাসুগাঁও চহৰত দুটাকৈ বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । এই অগ্নিকাণ্ডৰ ফলত চাৰিটাকৈ ব্যবসায়ীক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ধ্বংসস্তুপত পৰিণত হয় । এইবেলি অগ্নিকাণ্ড ঘটনা সংঘটিত হৈছে বাসুগাঁও ষ্টেচন ৰোডৰ বাছষ্টেণ্ডৰ ব্যবসায়ীক প্ৰতিষ্ঠানত । দেওবাৰ নিশা ১১ বজাত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত চাৰিটাকৈ ব্যবসায়ীক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভষ্মিভূত হয় ।
এটা সপ্তাহৰ ভিতৰত দুটাকৈ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ ফলত নিশা বাসুগাঁও চহৰত তীব্ৰ আতংকময় পৰিবেশৰ সৃষ্টি হয় । আজিও অগ্নিকাণ্ড সূচনাৰ সময়তে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হৈছিল যদিও প্ৰতিবাৰৰ দৰে দেওবাৰ নিশাৰ অগ্নিকাণ্ডত অগ্নি নিৰ্বাপক বাহিনী আহি নেপোৱাত স্থানীয় লোকে নিজাববীয়াকৈ জুঁই নিৰ্বাপিত কৰি এলেকাটোৰ অন্যান্য ব্যবসায়ীক প্ৰতিষ্ঠানত জুঁইৰ কবলৰ পৰা ৰক্ষা পেলায় । দেওবাৰ নিশাৰ অগ্নিকাণ্ডৰ ফলত কেইবা লক্ষাধিক টকা মূল্যৰ সা সম্পত্তিৰ ধ্বংস হৈ গৈছে । কি কাৰণত অগ্নিকাণ্ডৰ সুত্ৰপাত হৈছে সেয়া এতিয়াও পোহৰলৈ অহা নাই ।
বাসুগাঁও চহৰত অগ্নি নিৰ্বাপক বাহিনীৰ আস্থান নথকাৰ বাবে প্ৰতিবাৰে অগ্নিকাণ্ডৰ ফলত মানুহৰ সা-সম্পত্তি ধ্বংস হৈ আছে । উল্লেখ যে চলিত মাহৰ ১৯ ডিচেম্বৰ তাৰিখে বাসুগাঁও চহৰৰ থানাৰোড থুৰিবাৰীত আন এক অগ্নিকাণ্ড সংঘটিত হৈছিল । চাৰিটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ গৈছিল । দুৰ্ভাগ্যজনক কথা যে কালি নিশাৰ ভয়ংকৰ অগ্নিকাণ্ডৰ খবৰ লাভ কৰাৰ পিছতো অগ্নি নিৰ্বাপক বাহিনীৰ লোক বাসুগাঁও চহৰত আহিয়ে নাপালে ।
তাকে লৈ বাসুগাঁও চহৰবাসীৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে । এতিয়া বাসুগাঁও চহৰবাসীৰ এটাই প্ৰশ্ন আৰু কিমান জন দুৰ্ভগীয়াৰ সা -সম্প্ৰতি ধ্বংস হোৱাৰ পিছত বাসুগাঁও চহৰত অগ্নি নিৰ্বাপক বাহিনীৰ আস্থান স্থাপন হব ? নে এনেদৰেই এটাৰ পিছত এটাকৈ অগ্নিকাণ্ডত বাসুগাঁও চহৰবাসীৰ ক্ষয় ক্ষতিৰ সন্মুখীন হ’ব লাগিব ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3ptPnsg
via IFTTT
Comments
Post a Comment